ETV Bharat / state

কঁঠালে শৰীৰত ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰে - BENEFITS OF JACKFRUIT

কঁঠালত প্ৰচুৰ পৰিমাণে থাকে 'এ' আৰু 'বি' ভিটামিন ।

Benefits of Jackfruit
কৃষি বিজ্ঞানী ড৹ ৰাজেন্দ্ৰ প্ৰসাদ দাস (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 18, 2025, 8:31 PM IST

যোৰহাট: প্ৰায়ভাগ লোকে কম-বেছি পৰিমানে কঁঠাল খায় । কঁঠালত থকা উপাদানসমূহৰ ভিতৰত মেগনেছিয়ামৰ পৰিমাণ বেছি । মেগনেছিয়ামক হাড়ৰ বাবে উপকাৰী বুলি কোৱা হয় । এইবিধ ফলত থাকে ৰাইবোফ্লেভিন, থাইয়ামিনৰ লগতে পটাছিয়াম, তাম ,মেংগানিজ আৰু আঁহ আদি উপাদান । এই সকলোবোৰ পুষ্টিকৰ উপাদান শৰীৰৰ বিভিন্ন কাৰ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈ আহিছে । এই সন্দৰ্ভত ই টিভি ভাৰতৰ আগত কৃষি বিজ্ঞানী ড৹ ৰাজেন্দ্ৰ প্ৰসাদ দাসে আগবঢ়াইছে মন্তব্য় ।

ইয়াত থকা উপাদানসমূহ :

কৃষি বিজ্ঞানী ড৹ ৰাজেন্দ্ৰ প্ৰসাদ দাস (ETV Bharat Assam)

কৃষি বিজ্ঞানীগৰাকীয়ে কঁঠালৰ উপকাৰিতা সম্পৰ্কে কয়, "প্ৰচুৰ পৰিমাণে 'এ' আৰু 'বি' ভিটামিন পোৱা যায় । এজোপা কঁঠাল গছ ৪০ ৰ পৰা ৬০ বছৰ পৰ্যন্ত জীয়াই থাকে । গছজোপাক ভালদৰে লালন-পালন কৰিলে ৫ বছৰৰ পৰাই গছজোপাই ফল দিবলৈ আৰম্ভ কৰে । কঁঠালৰ লগতে কঁঠালৰ গুটি আমাৰ স্বাস্থ্যৰ বাবে অতি ফলদায়ক । কাৰণ কঁঠাল আৰু কঁঠালৰ গুটিত প্ৰচুৰ পৰিমাণে কেলছিয়াম, মেগনেছিয়াম, আইৰণ, পটাছিয়াম, কাৰ্ব'হাইড্ৰেট, ভিটামিন 'এ' আৰু 'বি' পোৱা যায় । কঁঠালৰ পৰা 'চি' ভিটামিন কম-বেছি পৰিমাণে পোৱা যায় ।"

ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰে :

কঁঠালে আমাৰ দেহত বিভিন্ন মাৰাত্মক বীজাণু ধ্বংস কৰাৰ লগতে ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰে বুলি উল্লেখ কৰি তেওঁ কয়, "কঁঠাল বিভিন্ন ধৰণে ব্যঞ্জন বনাই খাব পাৰি । তদুপৰি বিশেষ পদ্ধতিৰে কঁঠালৰ গুটি বছৰৰ বাবে সংৰক্ষণ কৰি ৰাখিব পাৰি ।" আনহাতে, কঁঠালৰ গুটিৰে কেঞ্চাৰ নিৰাময় কৰে বুলি যি চৰ্চা অব্যাহত আছে সেই সন্দৰ্ভত কৃষি বিজ্ঞানী ৰাজেন্দ্ৰ প্ৰসাদ দাসে কয়, "কঁঠালৰ গুটি কেঞ্চাৰ প্ৰতিৰোধক হয়নে নহয় সেই সন্দৰ্ভত গৱেষণা চলি আছে । সেয়েহে বতৰৰ ফল আমি বতৰত খালে আমাৰ শৰীৰটোক সতেজ কৰাৰ লগতে দেহত উৎপত্তি হোৱা বিভিন্ন বীজাণু ধ্বংস কৰে ।"

ব্ৰংকাইটিছ প্ৰতিৰোধ কৰে :

আনহাতে, কৃষি বিজ্ঞানীৰাকীয়ে কয়," আমি যদি লেটেকু গুটিৰ সৈতে খাওঁঁ তেতিয়াহ'লে ব্ৰংকাইটিছ বেমাৰ নহয় । আনহাতে, মুধমেহ ৰোগীসকলে তিনিৰ পৰা চাৰি ফোট পৰ্যন্ত কঁঠাল খালে কোনো অপকাৰ নহয়, বৰঞ্চ তেওঁলোকে দেহৰ বাবে বিভিন্ন ভিটামিন সংগ্ৰহ কৰি ল'ব পাৰিব ।"

লগতে পঢ়ক:বাৰুকৈয়ে এইসমূহ ফলত নেমুতকৈ অধিক ভিটামিন-চি থাকে নেকি ? - VITAMIN C RICH FRUITS

শীতকালত কমলা খায়নে ? তেন্তে ইয়াৰ উপকাৰিতাও জানি লওক - ORANGES IN WINTER

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.