thumbnail

By

Published : May 8, 2023, 10:59 PM IST

ETV Bharat / Videos

Training for Haj pilgrims: মৰিগাঁৱৰ জালুগুটি বৰমছজিদত হজযাত্ৰীক প্ৰশিক্ষণ

মৰিগাঁও, 8 মে’: মৰিগাঁও জিলাৰ বৃহত্তৰ জালুগুটিৰ অঞ্চলৰ ৩৬ গৰাকী হজযাত্ৰীক প্ৰশিক্ষণ ৷ জালুগুটিৰ বৰমছজিদত সোমবাৰে অঞ্চলটোৰ পৰা মক্কালৈ হজৰ বাবে যাবলগীয়া পুৰুষ আৰু মহিলা হজযাত্ৰীসকলক সুকীয়াকৈ প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷ আলহাজ হজৰত মৌলানা ৰছিদ আহমদ কাছিমী চাহেব আৰু আলহাজ বিবিজান মুৱাল্লিমাৰ দ্বাৰা প্ৰদান কৰা হয় এই প্ৰশিক্ষণ (Training for Haj pilgrims in Morigaon) ৷  

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁৱৰ বৃহত্তৰ জালুগুটিৰ পৰা সৰ্বমুঠ ৩৬ গৰাকীকৈ লোক ওলাব পবিত্ৰ হজ যাত্ৰাৰ বাবে ৷ মহানগৰীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰৰ পৰা মদিনা শ্বৰীফলৈ বিমান যোগে যাত্ৰা কৰিব বৃহত্তৰ জালুগুটিৰ পৰা সৰ্বমুঠ ৩৬ গৰাকীকৈ হজ যাত্ৰীয়ে ৷ অনাগত সময়ত হজ যাত্ৰাৰ কাম-কাজ সম্পাদনৰ সময়ছোৱাত হজ যাত্ৰীসকলে যাতে কোনো সমস্যাৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰে জালুগুটি বৰ মছজিদ প্ৰাংগনত এই প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হয় (Training for Haj pilgrims) ৷  

এই ৩৬ গৰাকী হজ যাত্ৰীৰ মাজত আছে ২৮ গৰাকী পুৰুষ আৰু ৮ গৰাকী মহিলা ৷ সোমবাৰৰ এই প্ৰশিক্ষণ শিবিৰত উপস্থিত থকা প্ৰতিগৰাকী হজযাত্ৰী প্ৰশিক্ষাৰ্থীয়ে জালুগুটি বৰ মছজিদ কমিটিৰ বিষয়ববীয়াসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে মছজিদ কমিটিৰ এই পদক্ষেপক শলাগ লয় ৷

লগতে পঢ়ক: KMSS Protest in Dhubri: ধুবুৰীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.