thumbnail

By

Published : Apr 15, 2023, 10:02 AM IST

ETV Bharat / Videos

Boka Khel in Auni Ati Satra: পৰম্পৰা ৰক্ষা কৰি মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰত উদযাপন বোকাখেল

মাজুলী, 15 এপ্ৰিল: ৰঙালীৰ ৰঙত মতলীয়া ৰাজ্যবাসী ৷ আজি পহিলা ব’হাগ, মানুহ বিহু ৷ আৰম্ভ হৈছে অসমীয়া নৱবৰ্ষ ৷ আজি সত্ৰ নগৰী মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰত অনুষ্ঠিত হয় 366 বছৰীয়া পৰম্পৰাৰে বোকাখেল ৷  

পুৱা ঐতিহাসিক সত্ৰখনৰ কণ কণ বৈষ্ণৱৰ পৰা আৰম্ভ কৰি যুৱ বৈষ্ণৱ সকলো ওলাই আহি বোকাত লুতুৰী-পুতুৰী হৈ বোকাখেল খেলে ৷ ভূমিক শান্তিৰ প্ৰতীক হিচাবে গণ্য কৰি শৰীৰৰ ৰোগ নিৰাময়ৰ বাবে শৰীৰত বোকা লেপন কৰে ৷ লোক বিশ্বাস অনুসৰি বোকা লেপন কৰি চালত লগালে ৰোগ নিৰাময় হয় ৷ প্ৰাচীন পৰম্পৰাৰে অনুষ্ঠিত হয় এই বোকাখেল (Traditional boka khel observed in Majuli) ।  

ঐতিহাসিক সত্ৰ খনৰ ২ শতাধিক চাৰি হাটীৰ বৈষ্ণৱ ভকত সকলে আজি পুৱা বোকাখেলৰ আনন্দ লয় ৷ ইজনে সিজনক ভূমি লেপন কৰে ৷ সত্ৰক কেন্দ্ৰ কৰি মাজুলীৰ বিভিন্ন গাঁৱসমূহতো বোকাখেল অনুষ্ঠিত হয় । গাঁৱে গাঁৱে বোকাখেলৰ আনন্দ লৈছে সকলোৱে (Boka Khel in Auni Ati Satra) ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.