thumbnail

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 2:13 PM IST

ETV Bharat / Videos

Poor Bridge in Majuli: মাজুলীত দুখৰ ওপৰতে দুখ বানাক্ৰান্তৰ, সাহায্য সামগ্ৰী কঢ়িওৱা টেক্টৰ বাগৰিল দলং ভাগি

মাজুলী, 31 আগষ্ট : দুৰ্ভগীয়াৰ দুখ কেতিয়া আঁতৰিব ! এফালে বানত ককবকাই আছে বানাক্ৰান্ত ৷ এমুঠি অন্নৰ বাবে হাহাকাৰ অৱস্থা ৷ বিধিয়ে দিলেও বিধাতাই নিদিয়াৰ দৰে হৈছে মাজুলীৰ একাংশ বন্যাৰ্তৰ ৷ মাজুলীৰ শ্ৰী লুইত পঞ্চায়তৰ অন্তৰ্গত গুৱাল গাঁও মালাপিন্ধা সংযোগী দলং ভাগি বাগৰিল ট্রেক্টৰ । বানাক্ৰান্ত লোকৰ বাবে সাহায্য সামগ্ৰী কঢ়িয়াই নিয়াৰ সময়তে দুৰ্ঘটনাত পতিত হয় ট্ৰেক্টৰখন ৷ দুৰ্বল দলঙৰ বাবে চাউলসহ দুৰ্ঘটনাত পতিত হয় টেক্টৰখন ৷ 

উল্লেখ্য যে, উক্ত দলঙখন ভাঙি পৰাত অসুবিধা সন্মুখীন হৈছে প্ৰায় 10 খন গাঁৱৰ ৰাইজ । আনহাতে বিভাগীয় কৰ্তৃপক্ষই এখন জাননী আঁৰিয়ে দায়িত্ব সামৰাৰ অভিযোগ উত্থাপন কৰিলে স্থানীয় ৰাইজে । শীঘ্ৰে ভগ্নপ্ৰায় দলঙখন যাতায়তৰ বাবে উপযোগী কৰিব লাগে । কিয়নো দলঙখন মেৰামতি নকৰিলে অঞ্চলৰ ৰাইজৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ ব্যাপক সমস্যাৰ সন্মুখীন হ’ব ৷ এই দাবী ৰাইজৰ ৷ 

লগতে পঢ়ক:Majuli Flood :মাজুলীত বান পীড়িতক সাহায্য প্ৰদান, ভকত চাপৰিবাসীৰ বাবে প্ৰশাসনে লৈছে বিশেষ পদক্ষেপ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.