HS final exam results : নগাঁৱৰ ৰামানুজন চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ পৰা মুঠ ১৯ গৰাকী শিক্ষাৰ্থীৰ স্থান লাভ

By

Published : Jun 6, 2023, 11:32 AM IST

thumbnail

নগাঁও, 6 জুন : আজি ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল (Assam HS result 2023) ৷ এই ফলাফলে নগাঁৱলৈ কঢ়িয়াই আনিছে আনন্দৰ বন্যা ৷ নগাঁৱৰ ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ পৰা মুঠ 19 গৰাকী ছাত্ৰ-ছাত্ৰীৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছে (Ramanujan Academy Senior Secondary School ।

কলা শাখাৰ প্ৰথম স্থানত ৰামানুজন চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ পৰাই সংকল্পজিৎ শইকীয়া ৷ সৰ্বমুঠ 500 নম্বৰৰ ভিতৰত মুঠ 490 নম্বৰ লাভ কৰা কামপুৰ চাংচকীৰ সংকল্পজিত শইকীয়াই ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ সপোন মেলিছে ৷ ইফালে বিজ্ঞান শাখাৰ দ্বিতীয় স্থান লাভ কৰিছে বিশ্বজ্যোতি দাসে ৷ ভৱিষ্যতে চিকিৎসা বিজ্ঞানৰ দিশত ধাৱমান হোৱাৰ পন লৈছে বিশ্বজ্যোতি দাসে ৷

লগতে পঢ়ক : Assam HS result 2023 : কলা শাখাৰ শীৰ্ষ স্থানত আছে সংকল্পজিৎ শইকীয়া

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.