TMC protest in Guwahati: গুৱাহাটীত তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতি

By

Published : Apr 3, 2023, 4:02 PM IST

thumbnail

গুৱাহাটী, 3 এপ্ৰিল: গুৱাহাটীৰত তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী ৷ টোল কৰ বৃদ্ধি, পৌৰ কৰ বৃদ্ধি, বিদ্যুতৰ মাচুল বৃদ্ধি, ঔষধৰ দাম বৃদ্ধি আদি হ্ৰাস কৰাৰ দাবী উত্থাপন কৰি তৃণমূল কংগ্ৰেছে সাব্যস্ত কৰে প্ৰতিবাদ (Guwahati TMC protest) ৷ তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা আৰু দলৰ মিডিয়া‌ অধ্যক্ষ দিলীপ কুমাৰ‌ শৰ্মাৰ নেতৃত্বত প্ৰতিবাদীকাৰীসকল জয়ানগৰত থকা দলৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত মিলিত হয় ৷ প্ৰতিবাদকাৰীসকলে বেনাৰ, ফ্লেগ, ফেষ্টুনলৈ দিছপুৰলৈ ‘দিছপুৰ চলো’ প্ৰতিবাদী সমদল উলিয়ায় (TMC protest against price hike) ৷  

কিন্তু জয়ানগৰত থকা অসম তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত পূৰ্বৰে পৰা সষ্টম হৈ থকা আৰক্ষী‌ বাহিনীয়ে প্ৰতিবাদী সমদলক বাধা প্ৰদান কৰে ৷ যাৰবাবে প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত সৃষ্টি হয় হতাহতিৰ ৷ ৰিপুন বৰা, দিলীপ কুমাৰ শৰ্মাকে ধৰি বহুতো প্ৰতিবাদকাৰীক আটক কৰি লৈ যায় আৰক্ষীয়ে ৷ সামগ্ৰীৰ দাম বৃদ্ধিৰ বাবে চৰকাৰক কঠোৰ সমালোচনা কৰে তৃণমূল কংগ্ৰেছৰ নেতৃত্বই (Price hike of essential commodity) ৷ বৰ্বৰ আচৰণৰ বাবে আৰক্ষীকো সমালোচনা তৃণমূল কংগ্ৰেছৰ নেতৃত্বৰ ৷ 

লগতে পঢ়ক: Boko MLA Nandita Das controversy : কংগ্ৰেছত মুখ্যমন্ত্ৰীৰ গুপ্তচৰ; বিতৰ্কত বিধায়িকা নন্দিতা দাস

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.