Tiwa community: নতুনকৈ জন্ম হ’ল দুটাকৈ তিৱা জাতীয় সংগঠন - tiwa community special conference

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 11:13 AM IST

মৰিগাঁও, 12 অক্টোবৰ : বুধবাৰে সদৌ তিৱা ছাত্ৰ সন্থা আৰু সদৌ তিৱা সুৰক্ষা সমিতিৰ ঔৰষত দুটাকৈ তিৱা জাতীয় সংগঠন গঠন কৰা হয় । মধ্য অসমৰ তিৱাসকলৰ সংগ্ৰামখনক আগুৱাই লৈ যোৱাৰ লক্ষ্যৰে নতুনকৈ গঠিত হৈছে এই দুই তিৱা জাতীয় সংগঠন । সদৌ তিৱা ছাত্ৰ সন্থাৰ মজিয়াত থকা বয়সস্থ লোকসকল নতুবা ছাত্ৰ সন্থাৰ পৰা অব্যাহতি লোৱা ব্যক্তিসকলৰ পৰা সু-দিহা পৰামৰ্শৰে তিৱা ছাত্ৰ সন্থাৰ অমীমাংসিত মৌলিক সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত যৌথভাৱে আগবাঢ়ি যাবলৈ বুধবাৰে অনুষ্ঠিত এই বিশেষ অভিৱৰ্তনতে তিৱা মহিলা পৰিষদ আৰু সংযুক্ত গণ অধিকাৰ মঞ্চ নামৰ দুই তিৱা সংগঠন গঠন কৰা হয় । বুধবাৰে এই মন্তব্য আগবঢ়াই সদৌ তিৱা ছাত্ৰ সন্থাৰ সভাপতি চেনীৰাম মালাঙে ।

বুধবাৰে মৰিগাঁও গলচেপা আঞ্চলিক মধ্য ইংৰাজী বিদ্যালয়ত সদৌ তিৱা ছাত্ৰ সন্থা আৰু সদৌ তিৱা সুৰক্ষা সমিতিৰ যৌথ উদ্যোগত এই তিৱা জাতীয় বিশেষ অভিৱৰ্তন অনুষ্ঠিত হয় । সদৌ তিৱা ছাত্ৰ সন্থাৰ সভাপতি চেনীৰাম মালাঙৰ সঞ্চালনাত অনুষ্ঠিত এই বিশেষ অভিৱৰ্তনত আঁত ধৰে সদৌ তিৱা ছাত্ৰ সন্থা সম্পাদক বিমান প্ৰতিম মাচেৰেঙে। এই অভিৱৰ্তনত বক্তব্য আগবঢ়াই ক্ৰমে তিৱা সুৰক্ষা সমিতি সাধাৰণ সম্পাদক চিনাৰাম বৰদলৈ ,তিৱা ছাত্ৰ সন্থা প্ৰাক্তন সভাপতি ধৰ্মসিং বৰদলৈ প্ৰমুখ্যে কৰি বহুকেইজন তিৱা ছাত্ৰ নেতাই । দুটাকৈ তিৱা জাতীয় সংগঠন গঠন কৰা অভিৱৰ্তনখনত সদৌ তিৱা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় আৰু জিলাৰ সকলো বিষয়াববীয়া উপস্থিত থাকে ।

লগতে পঢ়ক : Arunodaya card distribution : মৰিগাঁৱত অৰুণোদই ২.০ ৰ শুভ উদ্ধোধন মন্ত্ৰী কেশৱ মহন্তৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.