thumbnail

Rangali Bihu 2023: নিশা 12 বজাত কিহৰ খদমদম লাগিল তিতাবৰত ?

By

Published : Apr 15, 2023, 6:58 PM IST

যোৰহাট, 15 এপ্ৰিল : শুকুৰবাৰে নিশা ১২ বজাৰ লগে লগে তিতাবৰত ঢোল-তাল-পেঁপা বজাই আদৰা হ'ল অসমীয়া নৱবর্ষক । তিতাবৰ ষ্টেচন তিনি আলিত তিতাবৰৰীয়া ৰাইজে আদৰিলে অসমীয়া নৱবৰ্ষক । গৰু বিহুৰ নিশা অৰ্থাৎ চ'ত মাহৰ শেষৰ নিশা ঠিক 12 বজাৰ লগে লগেই ঢোলে-পেঁপাৰ লহৰত তিতাবৰৰ শ শ ৰাইজে আদৰিলে অসমীয়া নৱবৰ্ষৰ লগতে অসমৰ বাপতি সাহোন ব'হাগৰ বিহুক (Rangali Bihu 2023) ।  

ঢোল-তাল লৈ নিশা তিতাবৰৰ ৰাজপথত এজাক অসমীয়াই আদৰণি জনালে অসমীয়া নৱবৰ্ষক ৷ ইংৰাজী নৱবৰ্ষ উদযাপন কৰাৰ দৰেই প্ৰতিজন অসমীয়াক অসমীয়া নৱবৰ্ষও উদযাপন কৰাৰ প্ৰতি উৎসাহিত কৰিবলৈ বিগত বছৰৰ পৰা তিতাবৰ বাসীয়ে লৈছে নিশাই অসমীয়া নৱবৰ্ষ উদযাপন কৰাৰ এই পদক্ষেপ (Assamese new year) ৷

এক অগতানুগতিক চিন্তাৰে ইংৰাজী নৱবর্ষক সমগ্ৰ বিশ্বই আদৰাৰ দৰেই তিতাবৰটো 30 চ'তৰ নিশা 12 বজাৰ লগে লগে তিতাবৰ ষ্টেচন তিনি আলিত শতাধিক পুৰুষ মহিলা একত্ৰিত হৈ অসমীয়া বিহুৰ সাজ পৰিধান কৰি ঢোল পেঁপা বৰতাল বজাই উল্লাস উদ্দীপনাৰ মাজেৰে আদৰিলে অসমীয়া নৱবর্ষটিক । অনুষ্ঠানত উপস্থিত থাকে তিতাবৰৰ সমাজ জীৱনৰ লগত জড়িত বহুকেইগৰাকী ব্যক্তিয়ে ।

সমগ্ৰ ৰাজ্যৰ জনতাই অসমীয়া নৱবর্ষক এনেদৰে আদৰাৰ কামনা কৰিছে তিতাবৰৰ ৰাইজে । উল্লেখ্য যে, আজি পহিলা ব'হাগ অৰ্থাৎ মানুহ বিহু । বিহুৰ দিনা পুৱাতে গা-পা ধুই কনিষ্ঠজনে জ্যেষ্ঠজনৰ পৰা আশীৰ্বাদ লয় । এইয়া অসমীয়া সমাজত পূৰ্বৰ পৰাই চলি অহা এক প্ৰচলিত প্ৰথা । অসমীয়া বছৰটোৰ প্ৰথমটো দিনত পৰিয়ালৰ জ্যেষ্ঠজনে সমগ্ৰ বছৰটো কুশলে পাৰ হ'বৰ বাবে কণিষ্ঠ সকলক আৰ্শীবাদ দিয়ে আৰু তেওঁলোকৰ মনোকামনা পূৰণৰ বাবে ভগৱান পৰাৰ আশীৰ্বাদ বিচাৰে ।

গ্ৰামাঞ্চল দৰে নগৰঞ্চালতো সমানে সমানে বিহু উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে । আজিৰ পৰাই গৃহস্থৰ ঘৰে ঘৰে বিহু-হুঁচৰি জুৰিব বিভিন্ন দলসমূহে । বিহু দলৰ আশীৰ্বাদ তথা পদধুলা ল'বলৈ প্ৰত্যক জন অসমীয়াই অধিক আগ্ৰহৰে বাট চায় থাকে । অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটোত গাঁও আৰু চহৰৰ নামঘৰ মন্দিৰলৈ আগমণ ঘটিছে বহু লোকৰ । কাৰণ পহিলা ব’হাগৰ আজিৰ দিনটোত নিচনা জনৰ আশিস বিচাৰে সকলোৱে । বৰ্তমান ৰাজ্যৰ চৌদিশে ঢোলৰ গুম-গুমনি শুনিবলৈ পোৱা গৈছে । মুঠৰ ওপৰত সমগ্ৰ ৰাজ্যতে এতিয়া বিহুময় এক পৰিবেশে বিৰাজ কৰাৰ দেখিবলৈ পোৱা গৈছে ।

লগতে পঢ়ক : Rang Ghar Bihu: পহিলা ব'হাগত ঢোল পেঁপাৰ মাতত মুখৰিত হ’ল ৰংঘৰৰ বাকৰি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.