Shambhu Koiri murder case: শম্ভূ কৈৰী হত্যাকাণ্ডৰ ন্যায়াধীশ পৰ্যায়ৰ তদন্তৰ দাবী তিনিচুকীয়া জিলা বজৰং দলৰ - judicial inquiry on Shambhu Koiri murder case
🎬 Watch Now: Feature Video
বুধবাৰে সন্ধিয়া তিনিচুকীয়া চহৰৰ মাজমজিয়া থানা চাৰিআলিত বজৰং দলৰ তিনিচুকীয়া জিলা সমিতিয়ে ৰূপায়ন কৰে এক প্ৰতিবাদী কাৰ্যসূচী (Tinsukia district Bajrang dal protest) ৷ কৰিমগঞ্জৰ বাজাৰিচেৰাত বজৰং দলৰ কৰ্মী শম্ভূ কৈৰীক নৃশংসভাৱে হত্যা কৰা ঘটনাৰ প্ৰতিবাদ জনাই এই প্ৰতিবাদী কায্যসূচী ৰূপায়ন কৰা হয় (Shambhu Koiri murder in Karimganj)। যোৱা ৮ জানুৱাৰীত বজৰং দলৰ কৰ্মী শম্ভূ কৈৰীক বজৰং দলৰ প্ৰশিক্ষণ লৈ ঘৰলৈ গৈ থকাৰ অৱস্থাত নিশা প্ৰায় 8 মান বজাত ছেলিম উদ্দিন নামৰ এটা দুস্কৃতিকাৰীয়ে অতি নৃশংসভাৱে হত্যা কৰে । উক্ত ঘটনাই বজৰং দল তথা সমগ্ৰ হিন্দু সংগঠনক ক্ষোভিত কৰি তুলিছে (Bajrang dal activist killed in Karimganj)। পৰৱৰ্তী সময়ত বজৰং দলে অমৰ মৃতক ঘোষণা কৰি শম্ভূ কৈৰীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনৰ কৰি আত্মাৰ সদগতি কামনা কৰে ৷ লগতে হত্যাকাৰী ছেলিম উদ্দিনৰ জুমুঠি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বজৰং দলৰ তিনিচুকীয়া জিলাৰ সদস্যসকলে । শম্ভূ কৈৰীৰ পৰিয়াললৈ অতি সোনকালে ৫০ লাখ টকাৰ ক্ষতি পূৰণ দিবলৈ দাবী জনায় সংগঠনটোৱে ।
Last Updated : Feb 3, 2023, 8:38 PM IST