Tinsukia College alumni meet: প্ৰাক্তন ছাত্ৰ-ছাত্ৰী পঞ্চম সমাৰোহৰ আয়োজন

By

Published : Jan 12, 2023, 6:42 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail
তিনিচুকীয়া মহাবিদ্যালয়ৰ পঞ্চমখন প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ আগন্তুক ২৪ জানুৱাৰীত অনুষ্ঠিত কৰা হ‘ব ৷ তিনিচুকীয়া মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সংস্থাই বৃহস্পতিবাৰে মহাবিদ্যালয়খনত এখন সংবাদমেলৰ আয়োজন কৰে ৷ তিনিচুকীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ সূৰ্য চেতিয়াৰ লগতে কেইবাগৰাকীও অধ্যাপক এই সংবাদমেলত উপস্থিত থাকি এই তথ্য সদৰী কৰে(Tinsukia College alumni meet to be held in 24 January) ৷ তেওঁলোকে কৰ্মসূত্ৰে বিভিন্ন স্থানত ব্যস্ত হৈ থকা লোকসকলে যাতে উক্ত সমাৰোহৰ বিষয়ে অৱগত হয় তথা সমাৰোহত যোগদান কৰিব পাৰে তাৰেই উদ্দেশ্যে এই সংবাদমেল আয়োজন কৰাৰ কথা জানিবলৈ দিয়ে ৷ তেওঁলোকে তিনিচুকীয়া মহাবিদ্যালয়ৰ সমূহ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীক ২৪ জানুৱাৰীৰ এই সমাৰোহত অংশগ্ৰহণ কৰি নিজৰ স্মৃতিসমূহ ৰোমন্থন কৰিবলৈ আহ্বান জনায়(Tinsukia College alumni meet) ৷
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.