Kaziranga National Park: এটা প্ৰকাণ্ড গুঁই সাপ আৰু এসোপা উদ, গাইড বিতুপন কলঙৰ কেমেৰাত বন্দি এটা ৰোমাঞ্চকৰ ভিডিঅ’ - অগৰাতলী বনাঞ্চলত ৰোমাঞ্চকৰ দৃশ্য

🎬 Watch Now: Feature Video

thumbnail

By

Published : Dec 1, 2022, 1:59 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলী বনাঞ্চলত ৰোমাঞ্চকৰ দৃশ্য । উদ্যানখনৰ চহঁলা বিলত প্ৰায় ১০-১২ টা মান উদে ঘেৰি ধৰিছে এটা প্ৰকাণ্ড গুঁই সাপক । এক প্ৰকাৰ গুঁই সাপটোক আক্ৰমণ কৰিবলৈ উদ্যত হৈছে উদকেইটাই । প্ৰকৃততে খাদ্যৰ বাবে এই যুঁজত নামি পৰিছে উদৰ দলটো । অশেষ কষ্টৰে চিকাৰ কৰা মাছ এটা পাৰলৈ আনি উদকেইটাই তাক খাবলৈ আৰম্ভ কৰাৰ সময়তে তাৰ পৰা গুঁই সাপটোৱে মাছটো নিয়াৰ চেষ্টা কৰাত আক্ৰমণাত্মক হৈ পৰে উদৰ দলটো । পৰৱৰ্তী সময়ত মাছটো উদ্ধাৰৰ বাবে একত্ৰিতভাৱে প্ৰকাণ্ড গুঁই সাপটোৰ বিৰুদ্ধে যুঁজত নামি পৰে উদৰ দলটো । এই সমগ্ৰ দৃশ্য নিজৰ কেমেৰাত বন্দী কৰিলে টুৰিষ্ট গাইড বিতুপন কলঙে । প্ৰকাণ্ড গুঁই সাপটোৰ সৈতে উদৰ এই যুঁজ বহু সময় প্ৰত্যক্ষ কৰিলে পৰ্যটকসকলেও । প্ৰকৃততে "একতাই পৰম বল" এই কথাষাৰিকে যেন সচা প্ৰমাণ কৰিলে এই ঘটনাটোৱে । নিজতকৈ বহুগুণে আকৃতিত ডাঙৰ গুঁই সাপটোৰ বিৰুদ্ধে একত্ৰিত ভাৱেহে যুঁজত নামিল উদৰ দলটো । জীৱশ্ৰেষ্ঠ মানুহৰ বাবে ই এক বহুমূলীয়া শিক্ষা । উল্লেখ্য যে অগৰাতলী বনাঞ্চলৰ চহলা বিল এনেকৈয়ে এতিয়া বিভিন্ন ৰোমাঞ্চকৰ দৃশ্যৰ সাক্ষী হৈ ৰৈছে । বিভিন্ন সৰীসৃপকে আদি কৰি দেশী বিদেশী পৰিভ্ৰমী চৰাইৰ এই আৱাসস্থলীৰ বহু ৰোমাঞ্চকৰ দৃশ্য প্ৰত্যক্ষ কৰি মন জোৰাইছে পৰ্যটকে ।
Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.