নৱবৰ্ষৰ দ্বিতীয় দিনটোত গোলাঘাট আৰক্ষীৰ বৃহৎ সাফল্য - নাকা তালাচী
🎬 Watch Now: Feature Video
Published : Jan 2, 2024, 10:07 PM IST
গোলাঘাট, 2 জানুৱাৰী : গোলাঘাটৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত AS 02 M 4685 নম্বৰৰ এল্ট’ বাহনেৰে ডিমাপুৰ দিশৰ পৰা আহি থকা অৱস্থাত নুমলীগড়ত বহা নিয়মীয়া তালাচীত বাহনখনৰ পৰা ড্ৰাগছসহ তিনিজন যুৱকক আটক কৰিবলৈ সক্ষম হয় গোলাঘাট আৰক্ষী । গোলাঘাটৰ অপৰাধ শাখাৰ আৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত বহা এই তালাচীত তেওঁলোকে ড্ৰাগছৰ সৈতে যুৱক তিনিজনক আটক কৰে ৷ পাঁচটা চাবোনৰ বাকচত অতি কৌশলৰে লুকুৱাই অনা হৈছিল ড্ৰাগছখিনি ৷ ড্ৰাগছখিনিৰ ওজন প্ৰায় ৬৭. ৩২ গ্ৰাম হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।
যুৱক তিনিজনৰ ঘৰ মৰিগাঁও জিলাত বুলি জানিব পৰা গৈছে । বৰ্তমান আৰক্ষীয়ে ড্ৰাগজ জব্দ কৰাৰ লগতে তিনিজন যুৱকক আটক কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।
লগতে পঢ়ক : তেজপুৰত কন্টেনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক