Bursting crackers on dog tail: কুকুৰৰ নেজত ফটকা ফুটুৱা তিনি যুৱকক গ্ৰেপ্তাৰ

By

Published : Aug 1, 2023, 8:28 PM IST

thumbnail

ধেমাজি,১ আগষ্ট: কুকুৰক সদায় প্ৰভুভক্ত আৰু বিশ্বাসী জন্তু হিচাপে গণ্য কৰা হয় ৷ যি সময়ত গৰাকীৰে বন্ধুত্বপূৰ্ণ আৰু মৰমীয়াল স্বভাৱৰ কাৰণে শোৱনি কোঠাত কুকুৰক স্থান দিয়া হয়, সেই সময়তে একাংশই কুকুৰৰ দৰে উপকাৰী আৰু নিৰীহ জীৱ-জন্তুৰ ওপৰত অত্যাচাৰ চলাই আসুৰিক আনন্দ লোৱা পৰিলক্ষিত হৈছে । এটা কুকুৰৰ ওপৰত অত্যাচাৰ চলাই গ্ৰেপ্তাৰ হ'ল তিনি যুৱক । এটা কুকুৰৰ নেজত ফটকা বান্ধি জ্বলাই দি বন্যোল্লাস কৰা দুজন যুৱকৰ দুষ্কাৰ্য্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাক লৈ তীব্ৰ আলোড়ন সৃষ্টি হৈছে ৷ Prince Dhun নামৰ এটা ফেচবুক প্ৰফাইলধাৰীৰ এই কাণ্ডক বহুতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গৰিহণা দিছে ৷  

উক্ত প্ৰফাইলটোৰ পৰাই সেই নিকৃষ্ট কাণ্ডৰ দৃশ্যাংশ ভাইৰেল হোৱাৰ পিচত বহুতেই লোককেইজনক গ্ৰেপ্তাৰ দাবী উত্থাপন কৰিছিল । পৰৱৰ্তী সময়ত ধেমাজি আৰক্ষীয়ে অনুসন্ধান চলাই সোমবাৰে নিশা এই জঘন্য কাণ্ডৰ লগত জড়িত তিনি যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ ধৃত যুৱককেইজন পশ্চিম ধেমাজি মণ্ডলৰ অন্তগৰ্ত বঠাদৈ গাঁৱৰ মাধৱ দাস, জিন্তু দাস আৰু বম্বেশ্বৰ দাস বুলি জানিবপৰা গৈছে ৷ 

লগতে পঢ়ক: Dikrong river erosion news:ডিক্ৰং নৈ ৰ খহনীয়াই কেইবাখনো গাঁৱলৈ মাতিছে বিপদ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.