Thionam and Bianam competition: বিহপুৰীয়াত থিয়নাম আৰু বিয়ানাম প্ৰতিযোগিতা - বিহপুৰীয়াত থিয়নাম আৰু বিয়ানাম প্ৰতিযোগিতা

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 28, 2023, 6:32 PM IST

বিহপুৰীয়া,২৮ অক্টোবৰ: ৰাজ্যৰ পৰম্পৰাগত গীত-মাতসমূহ জীয়াই ৰখাৰ লগতে নৱপ্ৰজন্মৰ মাজত চিনাকী কৰাই দিয়াৰ উদ্দেশ্যৰে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘই লৈছে বিশেষ পদক্ষেপ ।শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ বিহপুৰীয়া-নাৰায়ণপুৰ জিলা শাখাৰ উদ্যোগত শনিবাৰৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হৈছে থিয়নাম আৰু বিয়ানাম প্ৰতিযোগিতা । 

নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা চাৰি কুৰিৰো অধিক প্ৰতিযোগী দলে অংশগ্ৰহণ নিশ্চিত কৰিছে বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে । আজি প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত অস্থায়ী নামঘৰত গুৰু আসন প্ৰতিস্থা, পতাকা উত্তোলন, নাম প্ৰসংগৰ পিছতেই থিয়নাম প্ৰতিযোগিতা অনুষ্ঠিত হ'ব । দেওবাৰে দ্বিতীয় দিনা বিয়ানাম প্ৰতিযোগিতা অনুষ্ঠিত হ'ব বুলি আয়োজক সকলে জানিবলৈ দিয়ে ।

লগতে পঢ়ক: Rass Leela in Majuli: মাজুলীত আৰম্ভ শ্ৰীকৃষ্ণৰ ৰাস লীলাৰ আখৰা

For All Latest Updates

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.