Theft in Govt School: গুণোৎসৱৰ সামগ্ৰী লুটি উধাও চোৰ - Gunotsav In Assam

🎬 Watch Now: Feature Video

thumbnail

By

Published : Feb 1, 2023, 7:50 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

যোৰহাট, 1 ফেব্ৰুৱাৰী : ৰাজ্যজুৰি 18 জানুৱাৰীৰ পৰা তিনিটা পৰ্যায়ত গুণোৎসৱ অনুষ্ঠিত হৈ আছে  ৷ ইয়াৰ মাজতে যোৰহাটৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠানত পলমকৈ গুণোৎসৱৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱা হৈছিল (Theft in Govt School)৷ কিন্তু গুণোৎসৱৰ পৰীক্ষা আৰম্ভ নহওঁতেই চোৰে দিলে বিধি পথালি ৷ 

মঙলবাৰে নিশা যোৰহাটৰ এখন চৰকাৰী বিদ্যালয়ত চোৰে চাফাই অভিযান চলাই গুণোৎসৱৰ বাবে ঠিক কৰি থোৱা সকলো পৰীক্ষা সামগ্ৰীৰ লগতে বিদ্যালয়খনৰ সামগ্ৰী লুটি লৈ যায় (Thieves loot in a school in Jorhat) ৷  

বুধবাৰে পুৱা গুণোৎসৱৰ পৰীক্ষাৰ বাবে বিদ্যালয়লৈ আহি হতবাক হৈ পৰে প্ৰধান শিক্ষয়ত্ৰীৰ লগতে আন আন কৰ্মচাৰীসকল। বিদ্যালয়ৰ ভিতৰত সামগ্ৰী লণ্ড-ভণ্ড হৈ থকা দেখি বিদ্যালয়খনৰ কৰ্তৃপক্ষ প্ৰথমে আচৰিত হয় ৷ তাৰ পিছতে তেওঁলোকে পৰীক্ষাৰ বাবে যাৱতীয় সামগ্ৰী বিচাৰ খোচাৰ কৰি দেখে যে চোৰে পৰীক্ষাৰ সামগ্ৰীসমূহো চোৰ কৰি লৈ যায় ৷ এই ঘটনা দেখি মূৰে কঁপালে হাত দিয়ে বিদ্যালয় কৰ্তৃপক্ষই ৷ ফলত নিৰ্ধাৰিত সময়তকৈ বহু পলমকৈ আৰম্ভ কৰিবলগীয়া হয় গুণোৎসৱৰ পৰীক্ষা।

লগে লগে বিদ্যালয় কৰ্তৃপক্ষই এই সন্দৰ্ভত ভোগদৈ আৰক্ষী আৰু যোৰহাট আৰক্ষীক অৱগত কৰে ৷ খবৰ লাভ কৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে চোৰৰ সন্ধান বিচাৰিবৰ বাবে স্নিফাৰ ড'গৰ সহায় লয় ৷ কিন্তু ইয়াৰ পিচতো চোৰৰ সন্ধানৰ অৱস্থিত নাপালে আৰক্ষীৰ দলদ্বয়ে। উল্লেখযোগ্য যে যোৰহাট নগৰত আৰক্ষীৰ দুৰ্বলতা সুযোগ গ্ৰহণ কৰি বিভিন্ন ঠাইত চোৰে লুটপাট চলাই আহিছে। ফলত ভয় শংকাৰ মাজত জীৱন অতিবাহিত কৰিব লগা হৈছে যোৰহাটবাসী ৰাইজে ৷

স্মৰ্তব্য যে ৰাজ্যজুৰি তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব গুণোৎসৱ (Gunotsav In Assam) । ১৮ জানুৱাৰীৰ পৰা ২১ জানুৱাৰীলৈ প্ৰথম পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হোৱাৰ পিছত ১ ফেব্ৰুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ আৰু ১৫ ফেব্ৰুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ’ব ।১৮ জানুৱাৰীৰ পৰা ২১ জানুৱাৰীলৈ প্ৰথম পৰ্যায়ৰ গুণোৎসৱ বৰপেটা, কৰিমগঞ্জ, গোলাঘাট, হোজাই, কামৰূপ, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, মৰিগাঁও, শিৱসাগৰ, দক্ষিণ শালমাৰা-মানকাচাৰ, তিনিচুকীয়া আৰু ওদালগুৰিত অনুষ্ঠিত হয় । 

আনহাতে ১ ফেব্ৰুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ বাক্সা, চিৰাং, চৰাইদেউ, ধুবুৰী, ডিমা হাচাও, হাইলাকান্দি, যোৰহাট, কামৰূপ মহানগৰ, শোণিতপুৰ আৰু পশ্চিম কাৰ্বি আংলঙত অনুষ্ঠিত হ’ব । সেইদৰে ১৫ ফেব্ৰুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ বিশ্বনাথ, বঙাইগাঁও, দৰং, ধেমাজি, ডিব্ৰুগড়, গোৱালপাৰা, কাৰ্বি আংলং, কাছাৰ, নগাঁও আৰু নলবাৰীত অনুষ্ঠিত হ’ব ।

লগতে পঢ়ক: Himanta Biswa Sarma Birthday: কলিয়াবৰৰ বিবাহস্থলীত কেক্ কাটি জন্মদিন উদযাপন মুখ্যমন্ত্ৰীৰ

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.