Thief incident : গ্ৰাহকৰ বেগ চুৰি, চিচি কেমেৰাত আৱদ্ধ চুৰিকাণ্ড

By ETV Bharat Assamese Team

Published : Nov 4, 2023, 2:24 PM IST

thumbnail

বৰপেটা, 3 নৱেম্বৰ: ক্ৰমাগতভাৱে বৰপেটা চহৰত বৃদ্ধি পাবলৈ ধৰিছে চুৰি কাৰ্য । এইবাৰ সোণ কিনিব অহা গ্ৰাহকৰ পৰা দুবৃৰ্ত্তই লুটিলে টকাসহ বেগ । বৰপেটা চহৰৰ মহামায়া জুৱেলাৰীত সংঘটিত হয় এই চুৰি কাৰ্য । জানিব পৰা মতে, শুকুৰবাৰে দিনৰ ভাগত সৰভোগৰ ৰোহিনী ডেকা নামৰ মহিলাগৰাকীয়ে সোণ ক্ৰয় কৰাৰ উদ্দেশ্যেৰে বৰপেটা চহৰৰ মহামায়া জুৱেলাৰীলৈ আহিছিল ৷ নিজৰ বেগটো চকীত থৈ সোণ পচন্দ কৰি থকাৰ সময়তে চোৰে কায়দাৰে লুটি লৈ যায় বেগটো ।

বেগটোত নগদ ধন, মোবাইল আৰু ঔষধ আছিল বুলি জানিব পৰা গৈছে । মাত্ৰ কেইছেকেণ্ডমানৰ ভিতৰত চোৰে সংঘটিত কৰিলে সমগ্ৰ চুৰি কাৰ্য ।সমগ্ৰ চুৰিকাণ্ড চি চি কেমেৰাত আৱদ্ধ হয় । ইতিমধ্যে ভুক্তভোগী মহিলাগৰাকীয়ে বৰপেটা সদৰ থানাত এজাহাৰ দাখিল কৰে । দিন-দুপৰতে চুৰি কাৰ্য সংঘটিত হোৱা ঘটনাটোক লৈ বৰপেটা চহৰত চাঞ্চল্যৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক: Cattle smuggling in Assam:মহানগৰীত জব্দ চোৰাং গৰুভৰ্তি বাহন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.