thumbnail

By

Published : Oct 31, 2022, 9:29 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

ETV Bharat / Videos

Thief case in Majuli: মাজুলী ভকতি দুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চোৰৰ চাফাই অভিযান

ৰাজ্যত বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ (Thief case increasing in Assam) ৷ এইবাৰ মাজুলীত চলালে চোৰে চাফাই অভিযান (Thief case in Majuli) ৷ দেওবাৰে নিশা উজনী মাজুলীৰ ভকতিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংঘটিত হয় চুৰিকাণ্ড ৷ উজনী মাজুলীৰ ভকতিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ (Bhakatiduar Higher Secondary School in Majuli) অধ্যক্ষৰ কোঠাৰ দৰ্জাৰ তলা ভাঙি টেবুলৰ ড্ৰয়াৰ, গডৰেজৰ তলা ভাঙি বিদ্যালয়ৰ বহুকেইটা গুৰুত্বপূৰ্ণ নথিপত্ৰৰ ফাইল, SMDC ৰ নথিপত্ৰৰ ফাইল, পুৰণি বেংকৰ পাচবুক আৰু গডৰেজ আৰু টেবুলৰ ড্ৰয়াৰৰ ছাবি লৈ যায় ৷ লগতে, শিক্ষকৰ উপস্থিতিৰ হাজিৰা বহী, শিক্ষকৰ ছুটীৰ আবেদনৰ ফাইল, ছাত্ৰ-ছাত্ৰীৰ ছুটীৰ অনুমতি লোৱা ফাইল, প্ৰশ্ন কাকত বিতৰণ কৰা ফাইল, কৰ্মচাৰীসকলৰ বিদ্যুৎ মাচুল পৰিশোধ কৰা নথিপত্ৰসমূহ লৈ উধাও হয় চোৰ (Thief case at Bhakatiduar Higher Secondary School) ৷ অৱশ্যে ইয়াৰে কিছুমান ফাইল বিদ্যালয়খনৰ পুখুৰীত উদ্ধৰ হয় ৷ ইতিমধ্যে বিদ্যালয় কৰ্তৃপক্ষই জেংৰাইমুখ থানাত এখন এজাহাৰ দাখিল কৰিছে ৷ সম্প্ৰতি জেংৰাইমুখ থানাৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।
Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.