ETV Bharat / state

কাৰ্বি আংলং-কৰিমগঞ্জত অ'ৰেঞ্জ এলাৰ্ট জাৰি; ১২ জিলাত হ’ব প্ৰবল বৰষুণ - Weather in Assam

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

Assam weather report : যোৱা ১ জুনৰ পৰা ২৪ ছেপ্টেম্বৰলৈ ৰাজ্যৰ ১২খন জিলাত কমকৈ বৰষুণ হোৱাৰ পিচত বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য় অনুসৰি অহা ২৪ ঘন্টাত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা ।

Assam weather report
বতৰ বিজ্ঞান কেন্দ্ৰ (ETV Bharat Assam)

গুৱাহাটী, ১ অক্টোবৰ: ৰাজ্যৰ দুখন জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই অ'ৰেঞ্জ এলাৰ্ট জাৰি কৰিছে । লগতে ১২ খন জিলাত অহা ২৪ ঘন্টাত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনাৰ বিষয়ে সদৰী কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ।

গুৱাহাটীৰ বৰঝাৰত থকা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই কাৰ্বি আংলং আৰু কৰিমগঞ্জ জিলাত অ'ৰেঞ্জ এলাৰ্ট জাৰি কৰিছে । এই জিলা দুখনত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনাৰ বিষয়ে উল্লেখ কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰটোৱে । ইপিনে, আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ শেহতীয়া তথ্য মতে, ৰাজ্যৰ ১২ খন জিলা ক্ৰমে গোৱালপাৰা, বৰপেটা, কামৰূপ, কামৰূপ মহানগৰ, দৰং, ওদালগুৰি, মৰিগাঁও, নগাঁও, গোলাঘাট, কাছাৰ, হাইলাকান্দিত অহা ২৪ ঘন্টাত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।

Assam weather report
বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য (RMC Guwahati)

আনহাতে, আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰা তথ্য মতে, গুৱাহাটীত সোমবাৰে সৰ্বোচ্চ তাপমাত্ৰা ৩৩ ডিগ্ৰী চেলচিয়াছ ৰেকৰ্ড কৰা হৈছিল । মঙলবাৰে গুৱাহাটীত সৰ্বোচ্চ তাপমাত্ৰা ৩৩ ডিগ্ৰী চেলচিয়াছ থাকিব । অহা এসপ্তাহত গুৱাহাটীত সৰ্বোচ্চ তাপমাত্ৰা ৩০ পৰা ৩২ ডিগ্ৰী চেলচিয়াছৰ ভিতৰত থাকিব ।

উল্লেখ্য যে যোৱা তিনিমাহ ধৰি ৰাজ্যত বৰষুণৰ পৰিমাণ স্বাভাৱিকতকৈ বহুখিনি হ্ৰাস পাইছে । বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি যোৱা ১ জুনৰ পৰা (বর্ষাকাল আৰম্ভ হোৱা সময়ৰ পৰা) ২৪ ছেপ্টেম্বৰলৈ ৰাজ্যৰ ১২ খন জিলাত কমকৈ বৰষুণ হৈছে। সেই জিলাকেইখন হৈছে-

  1. বঙাইগাঁও -৩৬ শতাংশ
  2. চিৰাং -৪২ শতাংশ
  3. দৰং -৬০ শতাংশ
  4. ধেমাজি -৩৪ শতাংশ
  5. ডিমা হাছাও -২৩ শতাংশ
  6. গোৱালপাৰা -৩৮ শতাংশ
  7. কামৰূপ -৪১ শতাংশ
  8. কার্বি আংলং -২৩ শতাংশ
  9. লখিমপুৰ -২৭ শতাংশ
  10. নগাঁও -৩৮ শতাংশ
  11. শোণিতপুৰ -৩০ শতাংশ
  12. ওদালগুৰি -২৭ শতাংশ

বাকীকেইখন জিলাতো বৰষুণ কম পৰিমাণে হৈছে যদিও ‘-১৯' শতাংশলৈ বতৰ বিজ্ঞানে স্বাভাৱিক বৰষুণ হোৱা বুলিয়েই লিপিবদ্ধ কৰিছে ।

লগতে পঢ়ক:আগন্তুক দুদিনত ৰাজ্যজুৰি অৰেঞ্জ এলাৰ্ট জাৰি, গুৱাহাটীত সৰ্বোচ্চ তাপমাত্ৰা ৩০ ডিগ্ৰীলৈ হ্ৰাসৰ সম্ভাৱনা - Weather in Assam

ৰাজ্যত আগন্তুক পাঁচ দিনলৈ ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.