ETV Bharat / bharat

জল সংকটৰ সন্মুখীন হ'ব ৰাজধানীবাসী ! - WATER CRISIS - WATER CRISIS

Water Supply Disruption: অহা ১৬ ঘণ্টাৰ বাবে ৰাজধানী মহানগৰৰ কেইবাটাও অঞ্চলত পানী যোগান ব্যাহত হ'ব । জল ব'ৰ্ডৰ মতে মুখ্য পানী যোগান আঁচনিৰ মেৰামতিৰ বাবে পানী নাপাব একাংশ লোকে । পানী মজুত কৰি ৰাখিবলৈ ৰাইজক আহ্বান জল ব'ৰ্ডৰ । চাওক সবিশেষ-

Delhi Jal Board
জল সংকটৰ সন্মুখীন হ'ব দিল্লীবাসী (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Oct 1, 2024, 11:52 AM IST

নেশ্যনেল ডেস্ক, ১ অক্টোবৰ : দিল্লীবাসীৰ বাবে ডাঙৰ খবৰ । অহা ১ আৰু ২ অক্টোবৰত পানী নাপাব দিল্লীৰ একাংশ লোকে । দিল্লী জল ব'ৰ্ডে (ডিজেবি) ঘোষণা কৰা মতে ১ অক্টোবৰ আৰু ২ অক্টোবৰত ৰাষ্ট্ৰীয় ৰাজধানীৰ একাধিক অঞ্চলত ১৬ ঘণ্টাৰ বাবে পানী যোগান ব্যাহত হ'ব । ডিজেবিয়ে এক বিবৃতিযোগে এই কথা প্ৰকাশ কৰে । য'ত কোৱা হৈছে যে মুখ্য মেৰামতিৰ কামৰ বাবে পানী যোগান বন্ধ কৰা হ'ব । যাৰ বাবে উক্ত অঞ্চলবোৰৰ বাসিন্দাসকলক পানী ব্যৱহাৰৰ ক্ষেত্ৰত সাৱধান হ'বলৈ জল ব'ৰ্ডে আহ্বান জনায় ।

ব'ৰ্ডৰ পৰামৰ্শ :

লগতে ব'ৰ্ডে নাগৰিকসকলক আগতীয়াকৈ পানী মজুত কৰি ৰাখিবলৈ পৰামৰ্শ দিছে । ব'ৰ্ডৰ মতে পশ্চিম দিল্লী আৰু পীতাম্পুৰা মূল পানী শোধন প্ৰকল্প হায়দৰপুৰ পিএইচ-এলৰ উদ্ভিদ চৌহদৰ ভিতৰত পানীৰ পাইপৰ মেৰামতি কৰা হ'ব ।

বিবৃতি অনুসৰি প্ৰভাৱিত এলেকাবোৰত পানী যোগান ১ অক্টোবৰৰ পুৱা ১০ বজাৰ পৰা নিশা ২ বজালৈ ১৬ ঘণ্টাৰ বাবে পানী যোগান বন্ধ থাকিব । অৱশ্যে, ব'ৰ্ডে কৈছে যে কেন্দ্ৰীয় নিয়ন্ত্ৰণ কক্ষৰ পৰা চাহিদা অনুযায়ী টেংকাৰৰ জৰিয়তে পানী যোগান অব্যাহত ৰখা হ'ব ।

ক'ত ক'ত পানী যোগান ব্যাহত হ'ব ?

বিবৃতি অনুসৰি পানী যোগান ব্যাহত হ'ব পৰা এলেকাবোৰৰ ভিতৰত আছে ৰাজা গাৰ্ডেন, ৰমেশ নগৰ, খাইল ৰাণী বাগ, ঠাকুৰ গাৰ্ডেন, তিহাৰ গাঁও, বিষ্ণু গাৰ্ডেন, সুভাষ নগৰ, ৰাজৌৰী গাৰ্ডেন, ৰবি নগৰ, চন্দ্ৰ নগৰ বৰুণ নিকেতন, মতি নগৰ, শাৰদা পুৰী, ৰবি নগৰ চন্দ্ৰ নগৰ আৰু ইয়াৰ চাৰিওফালৰ অঞ্চলবোৰ ।

ইফালে দিল্লী জল বোৰ্ডে ২০ ছেপ্টেম্বৰত এক জাননীযোগে কৈছিল যে ড৹ আম্বেদকাৰ নেচনেল মেম'ৰিয়েল, চিভিল লাইনছৰ চৌহদৰ ভিতৰত অৱস্থিত চন্দ্ৰৱাল ৱাটাৰ ৱৰ্কছত মেৰামতিৰ বাবে একাধিক অঞ্চলত ১২ ঘণ্টাৰ বাবে পানীৰ যোগান ব্যাহত থাকিব ।

লগতে পঢ়ক :কটকটীয়া নিৰাপত্তাৰ মাজত জম্মু-কাশ্মীৰত অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ - JK Assembly Polls

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.