thumbnail

By ETV Bharat Assamese Team

Published : 2 hours ago

ETV Bharat / Videos

ড৹ কৰবী ডেকা হাজৰিকাক ড৹ ময়িদুল ইছলাম বড়া সাহিত্য বঁটা ২০২৪ প্ৰদান - Moidul Islam Bora Literary Award

শিৱসাগৰ, ৩০ ছেপ্টেম্বৰ: বিশিষ্ট কবি, সাহিত্যিক, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ লক্ষ্মীনাথ বেজবৰুৱা আসনৰ প্ৰাক্তন মুৰব্বী অধ্যাপিকা ড৹ কৰবী ডেকা হাজৰিকাক সোমবাৰে ‘ড৹ ময়িদুল ইছলাম বড়া সাহিত্য বঁটা ২০২৪’ প্ৰদান কৰা হয় । শিৱসাগৰৰ অৰুণোদয় সাহিত্য সভা, ড৹ ময়িদুল ইছলাম বড়া স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত এই বঁটা প্ৰদান কৰা হয় । শিৱসাগৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ড৹ কৰবী ডেকা হাজৰিকাক এই বঁটা প্ৰদান কৰে সাহিত্যাচাৰ্য ড° নাহেন্দ্ৰ পাদুনে ।

বঁটা গ্ৰহণ কৰি ড° কৰবী ডেকা হাজৰিকাই সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে এই সন্মান তেওঁৰ জীৱনৰ অন্যতম শ্ৰেষ্ঠ সন্মান বুলি মন্তব্য কৰে । ইয়াৰ উপৰিও অসম সাহিত‌্য সভাৰ প্ৰাক্তন সভাপতি, অসমৰ প্ৰথম ডক্টৰেট প্ৰয়াত ড৹ ময়িদুল ইছলাম বড়াৰ সৃষ্টি, অসমীয়া ভাষা আৰু সমাজ জীৱনৰ প্ৰতি যি অৱদান আগবঢ়াই সম্প্ৰীতিৰ বাৰ্তা দি গৈছে সেইবিলাক অধিক চৰ্চা হোৱাটো উচিত বুলি ব্যক্ত কৰে ড৹ কৰবী ডেকা হাজৰিকাই । 

অনুষ্ঠানত ড৹ কৰবী ডেকা হাজৰিকাৰ স্বামী তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড৹ কন্দৰ্প কুমাৰ ডেকা, বিশিষ্ট কবি প্ৰেম গগৈসহ বহু সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক: নৃত্যশিল্পী অঞ্জলি বৰবৰা বৰঠাকুৰক শ্ৰী জয়দেৱ ৰাষ্ট্ৰীয় বঁটা প্ৰদান - Shri Jayadev National Award

গৱেষক ডিম্বেশ্বৰ শইকীয়ালৈ আউনীআটী সত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ গৱেষণা বঁটা ২০২৩ ঘোষণা - Srimanta Sankardeva research Award

বানপানীৰ দুৰ্যোগৰ পৰিপূৰ্ণ সাজুৰ বঁটা প্ৰদান মৰিগাঁৱৰ আয়ুক্তক - Award for Flood Disaster

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.