thumbnail

By ETV Bharat Assamese Team

Published : 2 hours ago

ETV Bharat / Videos

অসম আৰক্ষীৰ সাক্ষাৎকাৰৰ বাবে অনুশীলন - Assam Police Interview

বৰপেটাৰোড, ৩০ ছেপ্টেম্বৰ: অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া অসম আৰক্ষীৰ সাক্ষাৎকাৰৰ বাবে নিজকে সাজু কৰি তুলিবলৈ অনুশীলন চলাইছে বৰপেটা জিলাৰ বৰপেটাৰোডৰ গোৱৰ্ধনা অঞ্চলৰ বহু যুৱক-যুৱতীয়ে । এবছৰ আগৰে পৰাই এইসকল যুৱক-যুৱতীয়ে গোৱৰ্ধনা হাইস্কুলৰ খেলপথাৰত পুৱা আৰু আবেলি নিতৌ এই অনুশীলন কৰি আহিছে ।  

অসম আৰক্ষীৰ সাক্ষাৎকাৰত অৱতীৰ্ণ হ'বলগীয়া এইসকলৰ ভিতৰত অঞ্চলটোৰ মেট্ৰিক উত্তীৰ্ণৰ পৰা স্নাতকোত্তৰ ডিগ্ৰীধাৰী যুৱক-যুৱতীও আছে । অনুশীলনত ব্যস্ত এইসকল যুৱক-যুৱতীয়ে কয়,"এই কঠোৰ অনুশীলনৰ জৰিয়তে অসম আৰক্ষীৰ চাকৰি লাভ কৰিবলৈ সক্ষম হম ।" তেওঁলোকে ৰাজ্য়খনৰ নৱপ্ৰজন্মৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীক ফেচবুক, ইনষ্টাগ্ৰামকে ধৰি বিভিন্ন সামাজিক মাধ্যমত নিজৰ মূল্যবান সময় নষ্ট কৰাৰ পৰিৱৰ্তে যিকোনো অনুশীলনৰ জৰিয়তে স্ব-নিয়োজনৰ বাট মুকলি কৰিবলৈ আহ্বান জনায় ।

বহু চৰ্চিত নিবনুৱা সমস্যাৰ মাজতে অসমত সৰ্ববৃহৎ নিযুক্তি পৰীক্ষা; এটা পদৰ বিপৰীতে অৱতীৰ্ণ গড়ে ৩৬০ গৰাকী প্ৰাৰ্থী - ADRE 2024

উপলব্ধ হ’ল ADRE SLRC 2024 চতুৰ্থ আৰু পঞ্চম কাকতৰ এডমিট কাৰ্ড, কেনেকৈ কৰিব ডাউনলোড… - ADRE ADMIT CARD

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.