শিৱপুৰী/ডাং : চৰণেহে জানে মৰণৰ ঠাই... কাৰ মৃত্যু, কেনেকৈ আহে, সেই কথা কোনেও নাজানে... কোনোবাই জানো ভাবিছিলে তীৰ্থ ভ্ৰমণেই হ’ব বহু লোকৰ বাবে অন্তিম যাত্ৰা বুলি ! ভগৱানৰ দৰ্শন কৰিবলৈ গৈ কেবাজনো লোকে মৃত্যুক আঁকোৱালি ল’ব লগা হয় ৷
জানিব পৰা মতে, দেওবাৰে পুৱাই গুজৰাটৰ ডাং জিলাৰ গুজৰাট-নাছিক ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । ভক্তৰে ভৰা এখন বাছ নিয়ন্ত্ৰণ হেৰুৱাই সপুতৰা ঘাটৰ এটা দ’ খাৱৈত বাগৰি পৰে । ফলত কেবাজনো ভক্তৰ মৃত্যু হোৱা বুলি নিশ্চিত হৈছে আৰক্ষীয়ে ।
তথ্য অনুসৰি, এই বাছখনত প্ৰায় ৫০ জন যাত্ৰী আছিল ৷ দুৰ্ঘটনাত পতিত হৈ ৫০ জন যাত্ৰীৰ আটাইকেইজনে আহত হৈছিল । বাছখনত যাত্ৰা কৰা সকলো ভক্ত শিৱপুৰী, গুনা আৰু অশোকনগৰ জিলাৰ বাসিন্দা বুলি জানিব পৰা গৈছে ।
- ২০০ ফুট দ খাৱৈত বাগৰি পৰে বাছ
দেওবাৰে পুৱা প্ৰায় ৪ বজাত সংঘটিত হয় এই দুৰ্ঘটনাটো । নাছিকৰ পৰা আহি থকা এই বিলাসী বাছ ডেৰ-দুই কিলোমিটাৰ দূৰৈৰ সপুতৰালৈ যোৱাৰ পথতে মালেগাম ফৰেষ্ট গেষ্টহাউছৰ সন্মুখৰ ঘাটত থকা ২০০ ফুট দ খাৱৈত পৰি যায় । বাছখনত মুঠ ৪৮জন ভক্ত আছিল ।
এই দুৰ্ঘটনাত পতিত হৈ ৩৫ জন ভক্ত আহত হৈছে ৷ ইয়াৰে ১৬ জনৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে । গুৰুতৰভাৱে আহত যাত্ৰীসকলক আহৱা চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৷ লগতে এজন আহত যাত্ৰীক চুৰাটলৈ প্ৰেৰণ কৰা হৈছে ।
- এই দুৰ্ঘটনাত ৫ জনৰ মৃত্যু :
এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাচতে স্থানীয় আৰক্ষীয়ে গাঁৱৰ ৰাইজৰ সহযোগত উদ্ধাৰ কাৰ্য আৰম্ভ কৰে । আৰক্ষীয়ে আটাইকেইজন আহতক বাছখনৰ পৰা উলিয়াই আনি চিকিৎসালয়লৈ লৈ যায় ।
প্ৰথমাৱস্থাত শামগাহান চি এইচ চিত চিকিৎসকৰ এটা দল মোতায়েন কৰা হৈছে, যাতে আহতসকলক তৎকালীনভাৱে চিকিৎসা কৰিব পৰা যায় । ডাং ডি ৱাইৰ এছ পি এছ জি পাটিলে কয়, "গুজৰাটৰ সপুতৰাত তীৰ্থযাত্ৰীৰে ভৰা এখন বাছ দ খাৱৈত বগৰি পৰে ৷ ফলত দুৰ্ঘটনাস্থলিতে ৫ জন লোকৰ মৃত্যু হয় ৷ মৃত আটাইকেইজন মধ্যপ্ৰদেশৰ বুলি জানিব পৰা গৈছে ৷’’
শেহতীয়া তথ্য অনুসৰি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা ৷ গুজৰাটৰ এই দুৰ্ঘটনাত পতিত হৈ বাতৰি যুগুত কৰা পৰলৈকে ৭ জন লোকৰ মৃত্যু হৈছে ৷
- মধ্যপ্ৰদেশৰ পৰা ভক্তসকলে এই তীৰ্থযাত্ৰা কৰিছিল :
উল্লেখ্য যে, মধ্যপ্ৰদেশৰ শিৱপুৰী, গুনা আৰু অশোকনগৰ জিলাৰ পৰা এদল ভক্তই ২০২৪ চনৰ ২৩ ডিচেম্বৰত ধৰ্মীয় যাত্ৰাত ৰাওনা হৈছিল । এই যাত্ৰীসকলে উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ তীৰ্থস্থানলৈ গৈ আছিল । মুঠ চাৰিখন বাছত ভক্তসকল গৈছিল ৷ ইতিমধ্যে ইয়াৰে এখন বাছ দুৰ্ঘটনাত পতিত হয় ।