ETV Bharat / technology

ৰাফেল মেৰিন জেটৰ চূড়ান্ত মূল্যৰ প্ৰস্তাৱ দাখিল ফ্ৰান্সৰ - Rafale deal with France - RAFALE DEAL WITH FRANCE

26 Rafale Marine jet for India: ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল বৰ্তমান ফ্ৰান্স ভ্ৰমণত ব্যস্ত ৷ এই ভ্ৰমণৰ পূৰ্বেই ফ্ৰান্সে ভাৰতলৈ 26 খন ৰাফেল মেৰিন জেটৰ চূড়ান্ত মূল্যৰ প্ৰস্তাৱ দাখিল কৰিছে ৷ এই চুক্তিয়ে ভাৰতীয় নৌসেনাক অধিক শক্তিশালী কৰি তুলিছে ৷

Etv Bharat
ৰাফেল মেৰিন জেটৰ চূড়ান্ত মূল্যৰ প্ৰস্তাৱ দাখিল ফ্ৰান্সৰ (ETV Bharat (File Photo))
author img

By ETV Bharat Tech Team

Published : Oct 1, 2024, 12:00 PM IST

নিউজ ডেস্ক, 1 অক্টোবৰ: ফ্ৰান্সে 26 খন ৰাফেল মেৰিন জেটৰ চুক্তিৰ চূড়ান্ত মূল্য ভাৰতক দাখিল কৰিছে । ভাৰতীয় ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ ফ্ৰান্স ভ্ৰমণৰ সময়তে ফ্ৰান্সে এই মূল্য সম্বন্ধীয় নথি দাখিল কৰে । প্ৰতিৰক্ষা সূত্ৰই সংবাদ সংস্থা ANI ক জনোৱা মতে, ফ্ৰান্সে এই প্ৰকল্পৰ বাবে কৰ্তৃপক্ষক সৰ্বোত্তম মূল্য দাখিল কৰিছে ।

সূত্ৰই লগতে জনাইছে যে এই চুক্তি সন্দৰ্ভত আলোচনাৰ অন্তত ফ্ৰান্সে যথেষ্ট মূল্য হ্ৰাস কৰিছে । যোৱা সপ্তাহত ফ্ৰান্সৰ দলটোৱে ভাৰতৰ সৈতে আলোচনা চূড়ান্ত কৰিবলৈ দিল্লীত উপস্থিত হৈছিল । বিমানবাহী জাহাজ আই এন এছ বিক্ৰান্তত আৰু বিভিন্ন ঘাটিত 26 টা ৰাফেল মেৰিন জেট নিয়োগ কৰা হৈছে । উল্লেখ্য যে, ​​30 ছেপ্টেম্বৰৰ দিনা অজিত ডোভালে এই সন্দৰ্ভত পেৰিছত বৈঠক অনুষ্ঠিত কৰে ।

ভাৰতীয় নৌসেনাৰ আক্ৰমণাত্মক সামৰ্থ শক্তিশালী কৰাৰ ক্ষেত্ৰত এই চুক্তিখন গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে । ভাৰতে ফ্ৰান্সক বিমানখনত থলুৱা অস্ত্ৰ-শস্ত্ৰ সন্নিৱিষ্ট কৰিবলৈ কয় ।

সূত্ৰই লগতে কয় যে 36 খন ৰাফেল যুদ্ধ বিমানৰ বাবে পূৰ্বৰ চুক্তি প্ৰযোজ্য হ’ব । প্ৰায় 40 টা ড্ৰপ টেংক আৰু বিমানৰ বাবে কেইটামান ৱৰ্ক ষ্টেচন অন্তৰ্ভুক্ত কৰা নৌসেনাৰ চুক্তিত ভাৰতীয় বায়ুসেনাৰ বাবেও কিছু প্ৰয়োজনীয়তা সন্নিবিষ্ট কৰা হৈছে ।

উল্লেখ কৰা প্ৰয়োজন যে, ভাৰত মহাসাগৰ অঞ্চল (IOR) ত প্ৰতিৱেশী দেশ চীনৰ কাৰ্যকলাপ বৃদ্ধি পোৱাৰ বাবে ভাৰত নৌসেনাৰ বাবে ৰাফেল-এম চুক্তি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ।

সূত্ৰই জনোৱা মতে, প্ৰতিৰক্ষা মন্ত্ৰণালয়ত কেইবাবাৰো আলোচনাৰ অন্তত মূল্যৰ প্ৰস্তাৱ বহু পৰিমাণে হ্ৰাস কৰা হৈছে আৰু এই চুক্তিখন 2016 চনত বায়ুসেনাৰ বাবে অধিগ্ৰহণ কৰা 36 খন ৰাফেল জেটৰ চুক্তিৰ সৈতে তুলনা কৰা হ’ব ।

লগতে পঢ়ক: অৰুণাচলৰ শৃংগক চীনৰ অংশ বুলি কৰা দাবীৰ বিৰুদ্ধে কঠোৰ সাংসদ - Tsangyang Gyatso peak

চীনৰ সৈতে সম্পৰ্ক জটিল ভাৰতৰ; সীমান্তৰ পৰা সেনা বিতাৰণৰ সিদ্ধান্তক আদৰণি এছ জয় শংকৰৰ - India China relation

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.