ETV Bharat / technology

গুগলৰ সহায়ত চাওক 80 বছৰ পুৰণি ফটো - Time Machine Feature

author img

By ETV Bharat Tech Team

Published : 3 hours ago

Google Maps: এতিয়া আপুনি যিকোনো ঠাইৰ পুৰণি সময়ৰ ফটো চাব পাৰিব । এই সুবিধা গুগল মেপছ (গুগল এপছ)ৰ দ্বাৰা প্ৰদান কৰা হৈছে । নতুন বৈশিষ্ট্য Time Machine ৰ জৰিয়তে যিকোনো ঠাইৰ পুৰণি সময়ৰ ফটো চোৱা সম্ভৱ হৈ উঠিব । এই বৈশিষ্ট্য কেনেকৈ আৰু কেতিয়াৰ পৰা উপলব্ধ হ’ব ? জানক---

Etv Bharat
গুগল মেপছ (ETV Bharat)

নিউজ ডেস্ক, 30 ছেপ্টেম্বৰ: দেশৰ ভিতৰতে আটাইতকৈ জনপ্ৰিয় নেভিগেশ্যন এপটো হৈছে গুগল মেপছ । এই এপটোৰ সহায়ত আজিৰ যুৱক-যুৱতীসকলৰ লগতে যিকোনো ব্যক্তিয়ে যিকোনো অচিনাকি ঠাইলৈ সহজে যাব পাৰে । কাৰণ গুগল এপটোৱে আপুনি যাবলগীয়া ঠাইখনৰ বাটটো দেখুৱায় । মানুহৰ সহায় হোৱাকৈ এই এপটোৱে ইয়াৰ ব্যৱহাৰকাৰীসকলক নতুন নতুন সুবিধা প্ৰদানৰ বাবে সদায় চেষ্টা কৰি আছে । শেহতীয়াকৈ এপটোৱে টাইম মেচিন নামৰ এটা অতি আকৰ্ষণীয় বৈশিষ্ট্য প্ৰৱৰ্তন কৰিছে । এই বৈশিষ্ট্যৰ সহায়ত আপুনি যিকোনো ঠাইৰ পুৰণি ফটো চাব পাৰিব ।

পুৰণি ফটো চাব পাৰিব

গুগল মেপে প্ৰৱৰ্তন কৰিছে ‘Time Machine’ নামৰ এক অতি উত্তেজনাপূৰ্ণ বৈশিষ্ট্য । এই বৈশিষ্ট্যৰ সহায়ত আপুনি যিকোনো ঠাইৰ পুৰণি ফটো চাব পাৰিব । উক্ত সময়খিনিলৈ ঘূৰি গৈ চাব পাৰিব ফটোবোৰ আৰু নষ্টালজিক হৈ পৰিব । এই বৈশিষ্ট্য ইমানেই উপকাৰী যে ব্যৱহাৰকাৰীয়ে আনকি প্ৰাক্তন স্বামী অথবা প্ৰিয়জনৰ ফটোও চাব পাৰে ।

এই বৈশিষ্ট্যই কেনেকৈ কাম কৰে?

গুগল মেপে বহু বছৰ ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা উপগ্ৰহৰ ফটো তুলি আহিছে । এই বৈশিষ্ট্যৰ দ্বাৰা উক্ত ফটোসমূহ একত্ৰিত কৰি এক প্ৰকাৰৰ ভিডিঅ’ তৈয়াৰ কৰা হয় । কোনো ঠাইলৈ গ’লে সেই ঠাইখনৰ পুৰণি ফটো দেখাটো গুগলে সম্ভৱপৰ কৰি তুলিছে । এই ফটোবোৰে আপোনাক বুজিবলৈ সহায় কৰিব যে সময়ৰ লগে লগে ঠাইখন কেনেদৰে সলনি হৈছে । গুগলৰ তথ্য অনুসৰি কিছুমান আকাশী আৰু উপগ্ৰহৰ ফটো আনকি 80 বছৰ পুৰণি ।

লগতে পঢ়ক: মোবাইলৰ জৰিয়তেও আপুনি ঘটিব পাৰে লাখে লাখে ধন : কেনেকৈ জানেনে ? - How to earn money from mobile

গুগল পে’ত একাউণ্ট নাথাকিলেও আপুনি লাভ কৰিব পাৰিব ধন ! কেনেকৈ ? - Google Pay

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.