ETV Bharat / technology

কমিব ইলেক্ট্ৰিক গাড়ীৰ দাম; কেন্দ্ৰৰ দ্বাৰা আবণ্টন 10 হাজাৰ কোটি - PM E Drive Scheme

author img

By ETV Bharat Tech Team

Published : 3 hours ago

Government’s EV Policies: বৈদ্যুতিক বাহনৰ উৎপাদন আৰু ব্যৱহাৰ বৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰে কেইবাখনো আঁচনি ঘোষণা কৰিছে ৷ বৈদ্যুতিক বাহন উদ্যোগক উন্নীত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছে নতুন ‘পি এম ই-ড্ৰাইভ’ আঁচনি ৷ এই প্ৰকল্পৰ বাবে 10,900 কোটি টকাৰ আবণ্টন ঘোষণা কৰা হৈছে ৷

Etv Bharat
কমিব ইলেক্ট্ৰিক গাড়ীৰ দাম; কেন্দ্ৰৰ দ্বাৰা আবণ্টন 10 হাজাৰ কোটি (ETV Bharat (File Photo))

নিউজ ডেস্ক, 1 অক্টোবৰ: প্ৰদূষণ হ্ৰাস আৰু শক্তি সঞ্চয়ৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ গুৰুত্ব প্ৰদান কৰিছে ৷ বৈদ্যুতিক বাহনৰ উৎপাদন আৰু ব্যৱহাৰক উৎসাহিত কৰিছে ৷ পুৰণি গাড়ীৰ ঠাইত বৈদ্যুতিক গাড়ীৰ ব্যৱহাৰৰ বাবে একাধিক ৰেহাই প্ৰদানৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷ কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছে 10,900 কোটি টকাৰ (১.৩ বিলিয়ন ডলাৰ) PM E-DRIVE আঁচনি গ্ৰহণ কৰিছে ইলেক্ট্ৰিক ভেহিকেল (ইভি) উদ্যোগক উন্নীত কৰাৰ বাবে । কেন্দ্ৰই ইতিমধ্যে কিছুমান প্ৰকল্পৰ কথা ঘোষণা কৰিছে---

1/ পি এম ই-ড্ৰাইভ কি:

  • কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা বৈদ্যুতিক বাহন আঁচনিৰ নাম প্ৰধানমন্ত্ৰীৰ ই-ড্ৰাইভ মডাৰ্ণ ভেহিকেল ডেভেলপমেণ্ট আঁচনি (পি এম ই-ড্ৰাইভ)
  • বৈদ্যুতিক বাহনৰ ব্যৱহাৰ বৃদ্ধি আৰু আন্তঃগাঁথনিৰ উন্নয়ন

2) বৈদ্যুতিক বাহনৰ ওপৰত ৰাজসাহায্য:

এই আঁচনিৰ অধীনত বৈদ্যুতিক বাহনৰ বাবে 3679 কোটি টকাৰ ৰাজসাহায্য ঘোষণা কৰা হৈছে ।

  • ইলেক্ট্ৰিক বাইক আৰু স্কুটাৰ
  • বৈদ্যুতিক তিনিচকীয়া বাহন
  • বৈদ্যুতিক এম্বুলেন্স
  • বৈদ্যুতিক গধুৰ বাহন

কেৱল বৈদ্যুতিক জৰুৰীকালীন বাহনৰ প্ৰচাৰ আৰু উৎপাদনৰ বাবে 500 কোটি টকা ধাৰ্য কৰা হৈছে । একেদৰে পুৰণি গধুৰ যান-বাহন বাতিল কৰাৰ বাবে 500 কোটি টকা আবণ্টন দিয়া হৈছে । গাড়ী উদ্যোগৰ বিকাশৰ বাবে কেন্দ্ৰৰ এই পদক্ষেপে ভৱিষ্যতে উদ্যোগটোক অধিক গতি প্ৰদান কৰিব ৷

3) ৰাজহুৱা পৰিবহণত বৈদ্যুতিক বাহনৰ ব্যৱহাৰ

কেৱল ব্যক্তিগত খণ্ডত বৈদ্যুতিক বাহনৰ ব্যৱহাৰেই নহয়, ৰাজহুৱা পৰিবহণৰ ক্ষেত্ৰতো বৈদ্যুতিক বাহনৰ ব্যৱহাৰক বিশেষ গুৰুত্ব দিয়া হৈছে । ৰাজহুৱা পৰিবহণত বৈদ্যুতিক যান-বাহনৰ ব্যৱহাৰৰ বাবে 4391 কোটি টকাৰ আবণ্টন ঘোষণা কৰা হৈছে । আগন্তুক দিনত 14,028 খন নতুন বৈদ্যুতিক বাছ চলোৱাৰ পৰিকল্পনা কৰা হৈছে ৷

4/ বৈদ্যুতিক বাহনৰ ব্যৱহাৰ বৃদ্ধি

চৰকাৰী হিচাপ অনুসৰি আজি বিক্ৰী হোৱা মুঠ 4.2 লাখ বাহনৰ ভিতৰত 2 শতাংশতকৈও কম বাহন বৈদ্যুতিক বাহন । 2030 চনৰ ভিতৰত এই বিক্ৰী 30 শতাংশ পৰ্যন্ত বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে । ইলেক্ট্ৰিক বাহনৰ ব্যৱহাৰ বৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰে চাৰ্জিং ষ্টেচন বৃদ্ধিৰ পৰিকল্পনা গ্ৰহণ কৰিছে ৷ বৈদ্যুতিক চাৰ্জিং ষ্টেচন (ইভি চাৰ্জিং ষ্টেচন)ৰ বাবে ধন আৱণ্টন কৰা হৈছে ৷

5/ বাহনৰ আৱৰ্জনা ব্যৱস্থাপনা

এই পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে কয় যে স্ক্ৰেপ বাহনৰ পৰা প্ৰদূষণ বিয়পি পৰাটো ৰোধ কৰিবলৈ বিশেষ গুৰুত্ব দিয়া হৈছে । লগতে তেওঁ নিৰ্মাতাসকলক পথৰ পৰা প্ৰদূষণকাৰী বাহন আঁতৰাই নতুন বৈদ্যুতিক বাহনৰ বিক্ৰী 18ৰ পৰা 20% বৃদ্ধি কৰিবলৈ উৎসাহিত কৰে । সেউজ শক্তি আৰু বৈদ্যুতিক পৰিবহণৰ ক্ষেত্ৰত দেশক আগুৱাই নিয়াৰ বাবে প্ৰধানমন্ত্ৰীৰ ই-ড্ৰাইভ আঁচনিখনে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে । বৈদ্যুতিক বাহনৰ ব্যৱহাৰ বৃদ্ধি কৰা আৰু তাৰ দ্বাৰা প্ৰদূষণ হ্ৰাস কৰাটোৱেই হৈছে বৰ্তমান কেন্দ্ৰীয় চৰকাৰখনৰ লক্ষ্য ৷

লগতে পঢ়ক: অহা দুবছৰৰ ভিতৰত পেট্ৰ'ল, ডিজেল বাহনৰ সমান হ’ব বৈদ্যুতিক বাহনৰ খৰচ : নীতিন গাডকাৰী - Electric vehicles in india

বৈদ্যুতিক বাহন (ইভি) নৱজাগৰণক শক্তিশালী কৰাই মূল লক্ষ্য; গধুৰ উদ্যোগ মন্ত্ৰী মহেন্দ্ৰ নাথ পাণ্ডে

2030 চনৰ ভিতৰত নবীকৰণযোগ্য শক্তিৰ অংশ হ’বগৈ 35% - Renewable energy

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.