Crime in Nalbari : নলবাৰীৰ বৰতলাত হাতে লোটে আটক চোৰ - Theft at Mukalmuwa

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 30, 2023, 1:46 PM IST

নলবাৰী ,৩০ এপ্ৰিল : নলবাৰীৰ বৰতলাত শনিবাৰে নিশা চুৰি কৰিবলৈ আহি হাতে লোটে আটক হয় এটা গভাইত চোৰ (Thief arrested at Nalbari)। ভুক্তভোগী পৰিয়ালৰ লোকে উল্লেখ কৰা অনুসৰি শনিবাৰে সন্ধিয়া পৰিয়ালটোৰ সদস্য়সকলে বজাৰলৈ যোৱাৰ সুযোগতে চোৰটোৱে তেওঁলোকৰ ঘৰত প্ৰৱেশ কৰে । ইয়াৰ পিচতেই ৰাইজৰ ৰোষত পৰিল এই চোৰটো ।

ৰাইজে ধৰি বান্ধি চোৰটোক গতাই দিয়ে মুকালমুৱা আৰক্ষীক (Theft at Mukalmuwa) । ধৃত চোৰটোৰ নাম জিন্তুমণি বৰ্মন বুলি জানিব পৰা গৈছে । উল্লেখ্য় যে বৰতলাৰ ভগৱান ঠাকুৰীয়াৰ ঘৰত চুৰি কৰিছিল চোৰটোৱে । পূৰ্বেও লোকজনৰ ঘৰত বিভিন্ন সামগ্ৰী চুৰি কৰিছিল ধৃত চোৰটোৱে । নিশা হাতেলোটে আবদ্ধ কৰি চোৰটোক আৰক্ষীক গতাই দিয়ে অঞ্চলটোৰ ৰাইজে ।

লগতে পঢ়ক:Rati Bihu at Tinisukia: তৰাণি গাঁৱত মৰাণ জনগোষ্ঠীৰ পৰম্পৰাগত ৰাতি বিহু; কঁকাল ঘূৰাই নাচিলে বিদেশী মহিলাই

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.