মাতৃৰ চিকিৎসাৰ বাবে গৈছিল গৃহস্থ, খালী বাসগৃহত চোৰৰ চাফাই অভিযান - MORAN CRIME NEWS

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 23, 2023, 9:54 AM IST

মৰাণ, 23 নৱেম্বৰ : উজনি অসমৰ আগশাৰীৰ বাণিজ্যিক চহৰ মৰাণত দিনক দিনে বৃদ্ধি পাইছে চোৰ-ডকাইতিৰ ঘটনা। সঘনাই সংঘটিত হ’বলৈ লোৱা চুৰ ডকাইতি ঘটনা নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈছে মৰাণ আৰক্ষী। বুধবাৰে নিশা পুনৰ গৃহস্থ নথকাৰ সুযোগ গ্ৰহণ কৰি মৰাণত চোৰে চলালে চাফাই অভিযান। 

মৰাণৰ এ.টি ৰোডৰ পংকজ গগৈ নামৰ ব্যক্তিজনৰ ঘৰত চুৰি ঘটনা সংঘটিত হৈছে। মাতৃৰ চিকিৎসাৰ বাবে লোকজনে কেইবাদিন ধৰি গুৱাহাটীত আছিল ৷ বৃহস্পতিবাৰে নিজ ঘৰলৈ উভতি আহি পংকজে ঘৰৰ দৰ্জা ভাঙি থোৱা প্ৰত্যক্ষ কৰাৰ লগতে কাপোৰ-কানি লণ্ড-ভণ্ড হৈ থকা দেখা পায়। 

ভুক্তভোগী লোকজনে কোৱা অনুসৰি, চোৰে দুডাল সোণৰ চেইন আৰু প্ৰায় ৮০ হাজাৰ জমা টকা চুৰি কৰিছে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত মৰাণ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালটোৱে ৷ এই এজাহাৰৰ ভিত্তিতেই আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক: গৌৰীপুৰত বুজন পৰিমাণৰ ড্ৰাগছ সহ তিনি সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.