Theft incident: বেংকৰ ভিতৰৰ পৰাই 50 হাজাৰ টকা লৈ উধাও চোৰৰূপী মহিলা

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 21, 2023, 9:19 PM IST

জোনাই, ২১ ছেপ্টেম্বৰ: বেংকৰ পৰা টকা উলিয়াওঁতে সাৱধান ! এইবাৰ ভাৰতীয় ষ্টেট বেংক জোনাই শাখাত এগৰাকী মহিলাৰ বেগৰ পৰা পৰি যোৱা ৫০ হাজাৰ টকা লৈ উধাও এগৰাকী অচিনাক্ত মহিলা ৷

অসমৰ ভিন্ন প্ৰান্তত এতিয়া বিভিন্ন কৌশল গ্ৰহণ কৰি চোৰৰ দপদপনি বৃদ্ধি হৈছে ৷ বুধবাৰে দিনৰ প্ৰায় ১২ বজাৰ পৰা ১২.৩০ বজাৰ ভিতৰত জোনাই লাচিত নগৰ নিৱাসী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী দিপালী শইকীয়াই ভাৰতীয় ষ্টেট বেংক জোনাই শাখাৰ পৰা ৭০,০০০ হাজাৰ টকা উলিয়াই বেগত ভৰাবলৈ লওঁতেই তাৰে ৫০,০০০ টকা উক্ত স্থানত পৰি যায় । তাৰ পাচতে সেই ধনখিনি এগৰাকী মহিলাই উঠাই লৈ উধাও হয় ৷ 

এই সমগ্ৰ ঘটনা বেংকৰ CCTV কেমেৰাত বন্দী হয় ৷ যদি কোনো সদাশয় ব্যক্তিয়ে মহিলাগৰাকীক চিনি পায় তেন্তে ৬০০০২৭২৭৫৬ নম্বৰটোত যোগাযোগ কৰিবলৈ কাতৰ আহ্বান জনাই ভুক্তভোগী মহিলাগৰাকীয়ে । এই ঘটনা সন্দৰ্ভত ইতিমধ্যে জোনাই আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে বুলি জনায় মহিলাগৰাকীয়ে ৷

লগতে পঢ়ক: Robbery incident: নাৰেংগীত দিন ডকাইতি; পালচাৰ বাইকত অহা দুজনীয়া দুৰ্বৃত্তই কাঢ়ি নিলে টকা ভৰ্তি বেগ
 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.