Theft Incident: দিন দুপৰতে চুৰি কৰিবলৈ আহি ৰাইজৰ ৰোষত চোৰ - এটা চোৰ আটক
🎬 Watch Now: Feature Video


Published : Sep 15, 2023, 8:00 PM IST
বৰপেটা, ১৫ ছেপ্টেম্বৰ: বৰপেটা জিলাৰ বহৰিত দিন দুপৰতে চুৰিৰ ঘটনা সংঘটিত হৈছে ৷ বহৰিস্থ তাৰাবাৰী থানাৰ সমীপতে চোৰে এঘৰত কোনো নথকাৰ সুযোগ লৈ চাফাই অভিযান চলায় ৷ ডেকাপাৰাৰ দ্বিজেন দাস নাম লোকজনৰ ঘৰৰ পৰা চোৰে লুটিলে নগদ ৩০ হাজাৰ টকা আৰু বৃহৎ পৰিমাণৰ সোণৰ আ-অলংকাৰ ৷
জানিব পৰা অনুসৰি চোৰে কোনো নথকাৰ সুযোগ লৈ দাসৰ ঘৰৰ চৌহদৰ গেট, বাৰাণ্ডা আৰু ঘৰৰ দুৱাৰৰ তলা ভাঙি ঘৰৰ ভিতৰত নগদ ধনসহ কেইবাতোলা ওজনৰ সোণৰ অলংকাৰ চুৰি কৰি লৈ যায় ৷ ইফালে ইয়াৰ মাজতে ভাগ্যক্ৰমে দাসৰ পৰিয়ালৰ লোক আহি পোৱাৰ পিচত খেদি খেদি এটা চোৰ কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ যদিও আন এটা চোৰে নগদ টকাসহ সোণৰ আ-অলংকাৰ লৈ পলায়ন কৰে ৷
ধৃত চোৰটো বৰপেটা থানাৰ অন্তৰ্গত ঔমুৰা গাঁৱৰ ববিদুল মিয়া বুলি জানিব পৰা গৈছে ৷ ধৃত চোৰটোৰ পৰা কিছুসংখ্যক অলংকাৰ উদ্ধাৰ কৰাৰ লগতে চোৰটোৰ পকেটৰ পৰা ড্ৰাগছৰ চিৰিঞ্জো পোৱা গৈছে ৷