Annual session of three Bodo organisations:তিনি বড়ো জাতীয় সংগঠনৰ বছৰেকীয়া অধিৱেশন - মিচিং স্বায়ত্তশাসিত পৰিষদ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/16-11-2023/640-480-20034549-thumbnail-16x9-jonai.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Nov 16, 2023, 9:34 AM IST
জোনাই, ১৫ নৱেম্বৰ : বড়ো সাহিত্য সভাৰ জোনাই জিলা সমিতিৰ ৩৮ সংখ্যক অধিৱেশন ৷ বড়ো সাহিত্য সভাৰ জোনাই প্ৰাথমিক সমিতিৰ ৩৯ সংখ্যক তথা এবছুৰ জোনাই আঞ্চলিক সমিতিৰ ২৫ সংখ্যক আৰু আবৌফৰ জোনাই আঞ্চলিক সমিতিৰ ২১ সংখ্যক অভিৱৰ্তনখনি বুধবাৰৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে জোনাইৰ ইউ.এন. মেম’ৰিয়েল বড়ো হাইস্কুল প্ৰাংগণত ৷
প্ৰথম দিনাৰ কাৰ্যসূচীত, মূল তোৰণৰ ফিটা কাটি শুভ উদ্বোধন কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ সদস্য পদুম ৰায়ে ৷ অভিৱৰ্তনস্থলীৰ তোৰণৰ শুভ উদ্বোধন কৰে জোনাই গাঁও পঞ্চায়তৰ সভাপতি জয়ন্ত বৰিয়ে ৷ আলহী গৃহৰ শুভ উদ্বোধন কৰে লখিমপুৰ জিলা ভাতৌ মহাসভাৰ সভাপতি শুক্ৰধৰ বসুমতাৰীয়ে ৷ ভোজনালয় গৃহ উদ্বোধন কৰে উদয় বড়োৱে ৷
ইয়াৰ পিচতে এবছু জোনাই আঞ্চলিক সমিতিৰ ২৫ সংখ্যক আৰু আবৌফ জোনাই আঞ্চলিক সমিতিৰ ২১ সংখ্যক অভিৱৰ্তনৰ পতাকা উত্তোলন কৰে এবছুৰ জোনাই আঞ্চলিক সমিতিৰ সভাপতি মনাৰাম মহিলাৰী আৰু আবৌফ জোনাই আঞ্চলিক সমিতিৰ সভানেত্ৰী মিনু নাৰ্জাৰীয়ে ৷ আনহাতে শ্বহীদ তৰ্পণ কৰে এবছু জোনাই আঞ্চলিক সমিতিৰ উপ-সভাপতি সত্যজিৎ বসুমতাৰী আৰু সকলো বড়ো মহিলা কল্যাণ ফেডাৰেশ্যন (ABWWF) ৰ উপ-সভানেত্ৰী কিৰদা দৈমাৰীয়ে ৷ ইয়াৰ পিচতে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত কৰা হয় কুইজ, ৰচনা প্ৰতিযোগিতা আদি ৷
লগতে পঢ়ক : Preparations for session of Bodo organization: জোনাইত তিনি বড়ো জাতীয় সংগঠনৰ অধিবেশনৰ প্ৰস্তুতি