thumbnail

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 8:52 PM IST

ETV Bharat / Videos

Crime newsof Dhubri: বিলাসীপাৰাত ছাগলী চোৰৰ সন্ত্ৰাস, ধৃত এক

বিলাসীপাৰা, ৪ অক্টোবৰ: ধুবুৰী জিলাৰ বিলাসীপাৰাত ছাগলী চোৰৰ সন্ত্ৰাস । দীৰ্ঘদিনৰ পৰাই বিলাসীপাৰা মহকুমাৰ ৰাষ্ট্ৰীয় ঘাইপথেদি আৰু বিভিন্ন প্ৰান্তত ছাগলী চোৰে চলাই গৈছিল সন্ত্ৰাস । ইয়াৰ মাজতেই মঙলবাৰে নিশা বিলাসীপাৰা থানাৰ অন্তৰ্গত কাজাইকাটা ৫ম খণ্ড গাঁৱত ৰাইজে হাতে-লোটে কৰায়ত্ত কৰিলে মেজিক বাহনত ৮ টাকৈ ছাগলীসহ চোৰক। পিচত ৰাইজে চোৰটোক ধৰি উত্তম-মধ্যম সোধাই বিলাসীপাৰা আৰক্ষীক গতাই দিয়ে ।

ধৃত চোৰটোৰ ঘৰ বিলাসীপাৰা মহকুমাৰ মায়াৰচৰত । ঘটনাস্থলীত বিলাসীপাৰা আৰক্ষীৰ দল উপস্থিত হৈ ৮ টা ছাগলীৰ লগতে AS 17 C 0846 নম্বৰৰ এখন মেজিক বাহন জব্দ কৰি চোৰটোক কৰায়ত্ব কৰি বিলাসীপাৰা থানালৈ লৈ যায় ।

লগতে পঢ়ক:Kaimur Bus Accident : গয়াৰ পৰা পিণ্ডদানৰ পিছত উভতাৰ পথত বাছ দুৰ্ঘটনা; এজন নিহত, আহত বহু লোক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.