Tense situation in Guwahati: গুৱাহাটীৰ মেট্ৰ’ হাস্পতালত যুৱকৰ মৃত্যুক লৈ উত্তেজনা

🎬 Watch Now: Feature Video

thumbnail

গুৱাহাটী, ৩ নৱেম্বৰ: মহানগৰীৰ খানাপাৰাস্থিত গুৱাহাটী মেট্ৰ’ হাস্পতালত উত্তপ্ত পৰিস্থিতি । এজন যুৱকৰ মৃতদেহক লৈ এই পৰিস্থিতিৰ উদ্ভৱ হয় । ঘটনাৰ বিৱৰণী অনুসৰি, বৃহস্পতিবাৰেই হাস্পতালখনত মৃত্যু হৈছিল এজন যুৱকৰ ৷ সাধাৰণভাৱে মূৰত আঘাত পাই চিকিৎসালয়ত ভৰ্তি হৈছিল চাদিদুৰ ৰহমান নামৰ যুৱকজন । কিন্তু চিকিৎসকে যুৱকজনক দুটাকৈ অস্ত্ৰোপচাৰ সম্পন্ন কৰে । অস্ত্ৰোপচাৰৰ পাচতেই বৃহস্পতিবাৰে নিশাই মৃত্যু হয় চাদিদুৰ ৰহমানৰ‌ । তাৰ পিচতেই মৃত্যু হোৱা যুৱকজনৰ মৃতদেহ এই পৰ্যন্ত ওভোতাই দিয়া নাই চিকিৎসালয়খনে । 

ইফালে ৰহস্যজনকভাৱে অস্ত্ৰোপচাৰ সম্পন্ন কৰা চিকিৎসকজনে এই ঘটনাৰ পিচতেই লৈছে তিনিদিনৰ ছুটী । পৰিয়ালৰ অভিযোগ অনুসৰি, মৃতদেহটোৰ অংগ উলিয়াইছে চিকিৎসালয়খনে । যাৰ বাবে পৰিয়ালৰ লোকক গতাব পৰা নাই মৃতদেহটো । অৱশ্যে এই সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ কৰা নাই চিকিৎসালয় কৰ্তৃপক্ষই  ৷

লগতে পঢ়ক: AAP Protest in Nalbari: আপক বিপদত পেলাবলৈ বিজেপিয়ে ষড়যন্ত্ৰ কৰাৰ অভিযোগ আপ কৰ্মীৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.