মৰিগাঁৱৰ ধৰমতুলত পুৱাই ৰাইজে জ্বলাই দিলে বাহন - Morigaon Tense Situation
🎬 Watch Now: Feature Video


Published : Jan 10, 2024, 10:36 AM IST
মৰিগাঁও, 10 জানুৱাৰী : বুধবাৰে পুৱাই মৰিগাঁৱৰ ধৰমতুল বিহুবড়ীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ উত্তেজিত ৰাইজে জ্বলাই দিলে এখন বাহন ৷ ইতিমধ্য ঘটনাস্থলীত উপস্থিত হৈছে গৈ ধৰমতুল আৰক্ষী ৷ ঘটনা অনুসৰি, বাহনখনত 7 টাকৈ চুৰি কৰা গৰু কঢ়িয়াই আনিছিল গৰু সৰবৰাহকাৰীয়ে ৷ সেই সন্দেহতে বাহনখন জ্বলাই দিয়াৰ লগতে বাহনখনৰ চালক-হেণ্ডিমেনকো গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে উত্তেজিত ৰাইজে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ৰাইজৰ কবলৰ পৰা উদ্ধাৰ কৰে বাহনখনৰ চালক-হেণ্ডিমেনক ৷
ৰাইজৰ অভিযোগ অনুসৰি অঞ্চলটোত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে গৰু চুৰি কাণ্ড ৷ অঞ্চলটোৰ পৰা চুৰি কৰা গৰুসমূহ আজি বাহনখনেৰে লৈ যোৱাৰ চেষ্টা কৰিছিল ৷ কিন্তু ৰাইজৰ সন্দেহ হোৱাত বাহনখন ৰখাই আৰু চালক-হেণ্ডিমেনক সোধা-পোছা কৰে ৷ তাৰ পাচতে চুৰি গৰু সৰবৰাহ কৰাৰ সন্দেহতে ৰাইজে বাহনখন জ্বলাই দিয়া বুলি মন্তব্য কৰে উত্তেজিত ৰাইজে ৷
লগতে পঢ়ক : নিয়তিৰ পৰিহাস ! বাটেৰে গৈ থাকোতে বৰ মৌৰ আক্ৰমণত প্ৰাণ গ’ল এজনৰ