শিলচৰৰ ব্যক্তিগত চিকিৎসালয়ত আজৱ কাণ্ড, জন্মৰ কিছু সময়ৰ পিচতে পৰিয়ালক গতালে নৱজাতকৰ মৃতদেহ - ডাঃ তিলক উপাধ্যায়
🎬 Watch Now: Feature Video
Published : Dec 26, 2023, 7:17 AM IST
|Updated : Dec 26, 2023, 8:50 AM IST
শিলচৰ, 26 ডিচেম্বৰ : নৱজাতকৰ মৃত্যুক কেন্দ্ৰ কৰি শিলচৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত তীব্ৰ উত্তেজনা ৷ চিকিৎসকৰ গাফিলতিত নৱজাতকটিৰ মৃত্যু হৈছে বুলি অভিযোগ শিশুটিৰ পৰিয়ালৰ লোকৰ ৷ ফলত শিলচৰৰ মেডিল্যাণ্ড নামৰ ব্যক্তিগত হাস্পতালখনত হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷
ঘটনা অনুসৰি, পাঁচগ্ৰামৰ নিবাসী আম্বীয়া বেগম নামৰ এগৰাকী প্ৰসূতিক মেডিল্যাণ্ড হাস্পতালত ভৰ্তি কৰা হৈছিল ৷ তাৰ পিচতে ডাঃ তিলক উপাধ্যায়ৰ তত্বাৱধানত মহিলাগৰাকীৰ চিকিৎসা চলি আছিল ৷ তেনেতে দেওবাৰে নিশা মহিলাগৰাকীয়ে এটি সন্তান প্ৰসৱ কৰে ৷ শিশুটিৰ জন্মৰ পিচতে পৰিয়ালৰ লোকে শিশুটি চাবলৈ বিচৰাত কৰ্তব্যৰত নাৰ্ছসকলে বিভিন্ন অজুহাত দেখুৱাই শিশুটি চাবলৈ দিয়া নাছিল পৰিয়ালৰ লোকসকলক ৷
ফলত উপায়ন্তৰ হৈ শিশুটিৰ পৰিয়ালৰ লোকে চিকিৎসকক শিশুটি চাবলৈ বিচৰাত চিকিৎসগৰাকীয়েও কোনো গুৰুত্ব প্ৰদান নকৰে ৷ ইয়াৰে কিছু সময়ৰ পিচতে শিশুটিৰ মৃত্যু হৈছে বুলি নাৰ্ছে পৰিয়ালৰ লোকক জানিবলৈ দিয়ে ৷
কৰ্তব্যৰত নাৰ্ছে এটা কাৰ্টনত নৱজাতকটিৰ মৃতদেহটো সোমোৱাই পৰিয়ালৰ হাতত গতাই দিয়ে ৷ এই ঘটনাৰ পিচতেই ক্ষুদ্ধ হৈ উঠে শিশুটিৰ পৰিয়ালৰ লোক ৷ মৃত শিশুটিক চমজি ল’বলৈ অস্বীকাৰ কৰে পৰিয়ালৰ লোকে ৷ দীৰ্ঘ সময় ধৰি হাস্পতালৰ ভিতৰত উত্তেজনময় পৰিৱেশৰ সৃষ্টি হয় ৷ পৰৱৰ্তী সময়ত আৰক্ষীৰ হস্তক্ষেপত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে ৷
লগতে পঢ়ক: মহানগৰীৰ দক্ষিণগাঁও বালিজানত বোৱাৰীৰ ৰহস্যজনক মৃত্যু