Heated Situation in Kaliabor: বাঘৰ বিচৰণক কেন্দ্ৰ কৰি কলিয়াবৰ চাহ বাগিছাত উত্তপ্ত পৰিস্থিতি
🎬 Watch Now: Feature Video
কলিয়াবৰ, 27 এপ্ৰিল: বাঘক লৈ হঠাৎ উত্তপ্ত পৰিস্থিতি কলিয়াবৰ চাহ বাগিছাত ৷ ফটকা ফুটাই বাঘ খেদাৰ চেষ্টা বন বিভাগৰ ৷ বিগত প্ৰায় চাৰিমাহ ধৰি বাগিছাখনত বিচৰণ কৰি থকা প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘটোৱে বাগিচাৰ পৰা গৈ আবাসিক অঞ্চলত সোমোৱাৰ অভিযোগ স্থানীয় বাসিন্দাৰ (Tiger at Kaliabor) ৷ বাগিছা অঞ্চলৰ বাসিন্দাৰ পশুধন অনিষ্ট কৰা বুলিও অভিযোগ কৰে স্থানীয় ৰাইজে ৷ এইক্ষেত্ৰত বনবিভাগে কোনো পদক্ষেপ নোলোৱা বুলিও মন্তব্য কৰে স্থানীয় লোকে ৷ ফলত ক্ষোভিত হৈ পৰিছে বাগিচাৰ স্থানীয় ৰাইজ (Tense Situation at Kaliabor Tea Estate) ৷
বুধবাৰে হঠাৎ গাঁৱৰ মাজত বাঘ দেখি হৈ চৈ লাগে বাগিচাৰ স্থানীয়লোকৰ ৷ হাতত দা লৈ বাঘ খেদিবলৈ ওলায় আহিল ক্ষোভিত স্থানীয়লোক ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত কলিয়াবৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু উত্তেজিত লোকক নিৰাপদ স্থানলৈ উভতাই পঠায় (Tense Situation at Kaliabor) ৷
লগতে পঢ়ক: Kaliabar tiger terror news: কলিয়াবৰত অব্যাহত আছে বনৰজাৰ যাত্ৰা