টীয়ক : অসমৰ মহাপুৰুষীয়া চহকী সংস্কৃতিৰ অন্যতম বৰঘৰ হৈছে সত্ৰসমূহ । এগৰাকী সত্ৰাধিকাৰৰ তত্ত্বাৱধানত সত্ৰসমূহ পৰিচালনা হয় যদিও সত্ৰৰ বিভিন্ন কাম-কাজ, হিচাপ-পত্ৰৰ বাবে বিভিন্ন দায়িত্বত বিভিন্নজন নিয়োজিত হৈ থাকে । সত্ৰৰ পৰম্পৰা অনুসৰি সংসাৰৰ সকলো মায়া-মোহ ত্যাগ কৰি গুৰু সেৱা তথা আধ্যাত্মিক শিক্ষা গ্ৰহণৰ অৰ্থে উদাসীন জীৱন যাপন কৰাসকলে এনেবোৰ কাম-কাজত নিয়োজিত হয় ।
এইসকল সেৱক উদাসীন ভকত বা কেৱলীয়া ভকত হিচাপে পৰিচিত । তেওঁলোকে সৰুতেই ঘৰ-সংসাৰ সকলো এৰি সত্ৰত বসবাস কৰে । চুৰীয়া, চেলেং, গামোচা তিনি বস্ত্ৰ পৰিধান কৰি লাহে লাহে সত্ৰীয়া সংস্কৃতি তথা আধ্যাত্মিক পৰিবেশত নিজকে খাপ খুৱাই নিজকে বৈষ্ণৱ হিচাপে গঢ়ি তোলে ।
পুৱা স্নান, গোঁসাই আসনত বন্তি, নামঘৰত সেৱাকে ধৰি নিত্য নৈমিত্তিক সকলো কাম-কাজ কৰি বিদ্যালয়, মহাবিদ্যালয়ত পঢ়া-শুনা কৰাৰ সমান্তৰালকৈ সত্ৰৰ পৰিবেশত বৰগীত, দিহানাম, খোলবাদন, সত্ৰীয়া নৃত্য, ভাওনা, গায়ন-বায়ন, ভাগৱত পাঠ, নাম প্ৰসংগ আদিৰ শিক্ষা গ্ৰহণ কৰি গুৰু সংস্কৃতিত পাৰ্গত হৈ পৰে এইসকল বৈষ্ণৱ ।
অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি সত্ৰৰ বহাত একেলগে ভাতৃত্ববোধেৰে ন-পুৰণি সকলো ভকত বসবাস কৰি নিজৰ অন্ন, বস্ত্ৰ সকলো নিজে গোটোৱাৰ লগতে অৱসৰ সময়ত বিভিন্ন খেলা-ধূলাৰ মাজেৰে জীৱন অতিবাহিত কৰে । পুথিগত শিক্ষাৰ সমান্তৰালকৈ আধ্যাত্মিক শিক্ষাৰে শিক্ষিত এনে এজন বৈষ্ণৱৰ কথা আজি আমি ক'বলৈ ওলাইছোঁ ।
শ্ৰীশ্ৰী আউনীআটী শাখা সত্ৰৰ অন্যতম উদাসীন ভকত ৰাজেন ভড়ালীৰ জীৱন গাথা
বিদ্যালয়, মহাবিদ্যালয়ত অধ্যয়ন কৰাৰ পাছত সত্ৰীয়া সংস্কৃতিৰ প্ৰতি আকৰ্ষিত হৈ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড৹ পিতাম্বৰ দেৱগোস্বামীক গুৰু হিচাপে লৈ সত্ৰৰ শিষ্যত্ব গ্ৰহণ কৰি সত্ৰৰ দক্ষিণ হাটিত সুদীৰ্ঘকাল অৱস্থান কৰি আছে ৰাজেন ভড়ালীয়ে ।
উদাসীন জীৱন যাপনৰ মাজতে সত্ৰৰ পৰম্পৰা অটুট ৰাখি এইজন বৈষ্ণৱে তিনিখনকৈ পুথি প্ৰকাশ কৰি ৰাইজৰ বাবে মুকলি কৰাৰ সমান্তৰালকৈ বহুতো দিহানাম আৰু বিহুনাম ৰচনা কৰি নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছে । লগতে তেওঁৰ বহাত অনুজসকলক আধ্যাত্মিক শিক্ষা প্ৰদানৰো দিহা কৰিছে ।
সত্ৰৰ পৰম্পৰা মতে কিদৰে এজন উদাসীন ভকত স্বনিৰ্ভৰশীল হ'ব লাগে তাৰ বাবে গুৰুসেৱা, ৰন্ধা-বঢ়াৰ পৰা আৰম্ভ কৰি খেতি-খোলা, পঢ়া-শুনা সকলো দিশতে অনুজসকলক শিক্ষা প্ৰদান কৰিছে ।
তেওঁ জনাই, "সত্ৰৰ উদাসীন জীৱন সহজ নহয়, তথাপিও আমাৰ বাবে এয়াই সৰ্বোচ্চ । সকলো ভাই-ককাইৰ দৰে একেলগে থাকি আধ্যাত্মিক শিক্ষাৰে শিক্ষিত হোৱাৰ সমান্তৰালকৈ নিজ নিজ পচন্দৰ কোনো কাম কৰি যোৱাত কোনো বাধা নাই । এনে পৰিবেশত নৱপ্ৰজন্মক আধ্যাত্মিক শিক্ষাৰে শিক্ষিত কৰিলে সেয়া দেশ বা জাতিটোৰ বাবে মংগলজনক ।"
উদাসীন পৰম্পৰাক লৈ আশাবাদী বৈষ্ণৱগৰাকীয়ে লগতে কয়, "অৱশ্যে আজিকালি এই উদাসীন জীৱন যাপন কৰিবলৈ নিজৰ সন্তানক আগবঢ়াই দিবলৈ অভিভাৱকসকলৰ স্পৃহা হ্ৰাস হৈছে । কিন্তু সত্ৰৰ এই পৰম্পৰা চলি আছে আৰু গুৰুৰ আশীৰ্বাদত এনেদৰেই চলি থাকিব ।"
ইপিনে কেৱল শিষ্যৰ দান-বৰঙণিৰে এইসমূহ বহাৰ বিভিন্ন খা-খৰচ চলাই নিবলগা হয় । যাৰ ফলত কেতিয়াবা বিপদতো পৰে এইসকল উদাসীন ভকত । অৱশ্যে সত্ৰৰ সত্ৰাধিকাৰগৰাকীয়ে সত্ৰৰ প্ৰতিগৰাকী উদাসীন ভকতৰ সুন্দৰ জীৱন যাপনৰ বাবে সাধ্য অনুসৰি সুবিধা কৰি দিয়ে ।
তাৰ মাজতে যোৱা ২৬ জানুৱাৰীত ডিব্ৰুগড়ত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এইসকল উদাসীন ভকতৰ বাবে এক বিশেষ আঁচনি গ্ৰহণ কৰাৰ কথা ঘোষণা কৰাৰ লগে লগে এতিয়া অধিক আনন্দিত হৈ পৰিছে প্ৰতিজন ভকত ।