নতুন দিল্লী: কেপ্তেইন কুল হিচাপে খ্যাত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনী ৷ সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই ৷
অতিমাত্ৰা চিন্তাৰ বাবে বৰফে আবৃত পাহাৰলৈ ঢাপলি মেলিছে কেপ্তেইন কুলে ৷ শুনাত আচহুৱা যেন লাগিলেও এয়াই সঁচা ৷ ৰ’ব ৰ’ব আচৰিত হ’ব নালাগে ৷ কৈছো শুনক আচল কাহিনী ৷
আগন্তুক চেম্পিয়নছ ট্ৰফী 2025-ৰ বাবেহে চিন্তা বৃদ্ধি পাইছে কেপ্তেইন কুলৰ ৷ যিখন প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে পাকিস্তান ৷ এই প্ৰতিযোগিতা অনুষ্ঠিত হ’ব 19 ফেব্ৰুৱাৰীৰ পৰা ৷ চেম্পিয়নছ ট্ৰফীৰ ফাইনেল মেচখন অনুষ্ঠিত হ'ব 9 মাৰ্চত । হাইব্ৰীড মডেলত অনুষ্ঠিত হোৱা বাবে ভাৰতীয় ক্ৰিকেট দলে চেম্পিয়নছ ট্ৰফীৰ খেলসমূহ ডুবাইত খেলিব ৷
শেহতীয়াকৈ ষ্টাৰ স্প’ৰ্টছে মুকলি কৰিছে চেম্পিয়নছ ট্ৰফী 2025-ৰ এটা প্ৰম’ ভিডিঅ', য'ত বৰফাবৃত পৰিৱেশৰ মাজত দেখা গৈছে এম এছ ধোনীক ৷
Captain Cool on the field 😌
— Star Sports (@StarSportsIndia) January 29, 2025
Captain Cool as a fan 🥵
With every match do-or-die in the #ChampionsTrophy, even @msdhoni needs a DRS (Dhoni Refrigeration System) to beat the heat! 👊
📺 #ChampionsTrophyOnJioStar STARTS WED, 19 FEB 2025! | #CaptainNotSoCool pic.twitter.com/nv1XXZoHht
চেম্পিয়নছ ট্ৰফী 2025 ৰ পূৰ্বে কিয় উত্তেজিত কেপ্তেইন কুল ?
ষ্টাৰ স্প’ৰ্টছে মুকলি কৰা ভিডিঅ’টোত ধোনীয়ে এনেদৰে কয়, "যেতিয়া মই অধিনায়ক আছিলো, কুল হৈ থকাটো সহজ আছিল । কিন্তু অনুৰাগী হিচাপে পূৰ্বে চেম্পিয়নছ ট্ৰফী উপভোগ কৰা নাছিলো ৷ যদিও আমাৰ দলটো শক্তিশালী, তথাপি এখন মেচ হেৰুৱালেও জানিব প্ৰতিযোগিতাৰ পৰা বাহিৰ ৷ এই কথা ভাবিয়েই মোৰ চিন্তা বাঢ়িছে" ৷
ধোনীৰ অধিনায়কত্বত ভাৰতে 2013 চনত জিকিছিল চেম্পিয়নছ ট্ৰফী
শেষবাৰৰ বাবে ভাৰতে 2013 চনত মহেন্দ্ৰ সিং ধোনীৰ অধিনায়কত্বত জিকিছিল চেম্পিয়নছ ট্ৰফী । সেই সময়ত ধোনীৰ অধিনায়কত্বত টীম ইণ্ডিয়াই বৰষুণে বাধা প্ৰদান কৰাৰ পিছতো মেচত পৰাস্ত কৰিছিল ইংলেণ্ডক ৷
পৰৱৰ্তী সময়ত 2017 চনত অনুষ্ঠিত হয় চেম্পিয়নছ ট্ৰফী ৷ য’ত ভাৰতীয় দলটোৱে ফাইনেল মেচত পাকিস্তানৰ হাতত পৰাজিত হৈছিল । ধোনীও সেই দলৰ অংশ আছিল ।
এতিয়া 8 বছৰৰ পিছত পুনৰ অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্ৰফী ৷ কিন্তু খেলুৱৈ হিচাপে নহ’লেও অনুৰাগী হিচাপে খেল উপভোগ কৰিব ধোনীয়ে ৷ সেইকাৰণে বেছি চিন্তিত হৈ পৰিছে প্ৰাক্তন ভাৰতীয় অধিনায়কগৰাকী ৷
এই সময়ত পাকিস্তানৰ দলটো ডিফেণ্ডিং চেম্পিয়ন ৷ যিহেতু প্ৰতিযোগিতাখন তেওঁলোকৰ ঘৰৰ মাটিত অনুষ্ঠিত হ’ব ৷ অৱশ্যে ভাৰতে প্ৰতিযোগিতাখন জিকি পাকিস্তানৰ বিৰুদ্ধে হোৱা পূৰ্বৰ পৰাজয়ৰ পোতক তোলাৰ সুযোগ পাব । ভাৰত আৰু পাকিস্তানৰ মাজত 23 ফেব্ৰুৱাৰীত ডুবাইত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতাৰ মেচ ৷
লগতে পঢ়ক: কামত নাহিল ছামীৰ প্ৰত্যাৱৰ্তন; 426 দিনৰ পিছত ঘৰৰ মাটিত পৰাস্ত ভাৰত