Fake DC Arrested:ৰাইজৰ ৰুদ্ৰ মূৰ্তি দেখি পলাল ভুৱা আয়ুক্ত - Fake DC Arrested
🎬 Watch Now: Feature Video
চতিয়া, ২৮ জুন : হিন্দী চিনেমাৰ কায়দাৰে নিজকে জিলা আয়ুক্ত বুলি চিনাকি দি তেজপুৰত আৰক্ষীৰ হাতত গেপ্তাৰ হোৱা ভুৱা আয়ুক্ত অংকুৰ শইকীয়াক নিশাৰ ভাগত তদন্তৰ খাতিৰত তেওঁৰ লগত গ্ৰেপ্তাৰ হোৱা জামুগুৰিহাটৰ শেনচোৱা গাঁৱৰ বিশাল হাজৰিকাৰ বাসগৃহলৈ আৰক্ষীয়ে লৈ অহা সময়ত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় । জামুগুৰিহাটৰ বিশাল হাজৰিকাৰ বাসগৃহত আৰক্ষীয়ে তালাচী চলাই উভতি যাবৰ সময়ত গাঁওখনৰ একাংশ ৰাইজে স্বয়ম্ভু আয়ুক্ত অংকুৰক পহুখেদা দিয়ে । অংকুৰে পতা ঠগ প্ৰবঞ্চনাৰ জালখনত ভৰি দি বিশাল হাজৰিকা দৰে গাঁওখনৰ শিক্ষিত যুৱকজনে বদনামৰ ভাৰ ল'ব লগা হোৱা বাবেই ক্ষুন্ন একাংশ গঞাই অংকুৰক দেখি খেদি যায় ।
ৰাইজৰ ৰুদ্ৰ মূৰ্তি দেখি আৰক্ষীয়ে সেই সময়ত ততাতৈয়াকৈ সেই স্থানৰ পৰা স্বয়ম্ভু আয়ুক্ত অংকুৰ শইকীয়াক লৈ যাবলৈ বাধ্য হয় । উল্লেখ্য় যে কেইবাদিন ধৰি গোলাঘাটৰ অংকুৰ শইকীয়া নামৰ লোকজনে নিজকে জিলা আয়ুক্ত বুলি পৰিচয় দি তেজপুৰৰ লগতে বিভিন্ন ঠাইৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ উঠিছিল ৷ ভুৱা আয়ুক্তৰ সৈতে বিশাল হাজৰিকা,বিকি হাজৰিকা,সোণটি হাজৰিকা,অচিন্ত দাস,নিতুমনি দাস,অজিত দাস,কৌশিক কলিতা,হিমাল ভৰালী আৰু ৰিংকু কলিতা গ্ৰেপ্তাৰ হৈছিল ।
লগতে পঢ়ক:Fake DC Arrested: তেজপুৰ আৰক্ষীৰ জালত Duplicate DC
TAGGED:
Fake DC Arrested