আৰক্ষীও হতবাক, কাছাৰত টেংকাৰৰ পৰা তেলৰ সলনি ওলাল বাৰ্মিজ চুপাৰি - Tanker with Burmese supari seized in Cachar
🎬 Watch Now: Feature Video


Published : Dec 26, 2023, 11:53 AM IST
শিলচৰ, 26 ডিচেম্বৰ : ৰাজ্য চৰকাৰে যিমানে কয়লা, চুপাৰি চিণ্ডিকেটৰ বিৰুদ্ধে কঠোৰ হোৱাৰ কথা ঘোষণা কৰিছে সিমানে অনায়াসে কাছাৰৰ মাজেৰে সৰবৰাহ হৈ আছে বাৰ্মিজ চুপাৰি ৷ আনহাতে ভিন্ন সময়ত কাছাৰ আৰক্ষীয়ে অভিযান চলাই ট্ৰাকে ট্ৰাকে জব্দ কৰিছে বাৰ্মিজ চুপাৰী ৷ তাৰ পাছতো অবৈধভাৱে সৰৱৰাহ কৰিয়ে আছে বাৰ্মিজ চুপাৰি ৷
এইবাৰ পুষ্পা ষ্টাইলত সৰবৰাহকাৰীয়ে সৰবৰাহ কৰিছে চুপাৰি বা মূল্যবান কাঠ ৷ ঘটনা অনুসৰি সোমবাৰে দুখনকৈ তেলৰ টেংকাৰত সৰবৰাহকাৰীয়ে লৈ আনিছিল বাৰ্মিজ চুপাৰি ৷ তেনে সময়তে তেল টেংকাৰ দুখনত তালাচী চলায় আৰক্ষীয়ে ৷ অভিযানৰ সময়তে তেলৰ সলনি টেংকাৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি আৰু জব্দ কৰে দুখনকৈ টেংকাৰ ৷ জব্দকৃত এখন টেংকাৰৰ নম্বৰ হৈছে AS-16 AC 2128 ৷
ঘটনাৰ সন্দৰ্ভত কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই সংবাদ মাধ্যমৰ আগত কয়, ‘‘মণিপুৰ হৈ কাছাৰৰ মাজেদি তেলৰ টেংকাৰত বাৰ্মিজ চুপাৰিখিনি লৈ যোৱা হৈছিল ৷ তেনে সময়তে অসম-মণিপুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লক্ষীপুৰ ফুলেৰতলৰ পৰা জব্দ কৰা হয় টেংকাৰ দুখন ৷’’ আনহাতে আৰক্ষীৰ অভিযান চলোৱাৰ উমান পাই টেংকাৰ দুখন এৰি পলায়ন কৰে চালকে ৷
লগতে পঢ়ক : ১০ কোটি মূল্যৰ নিচাযুক্ত দ্ৰব্যসহ ৫ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কাছাৰ আৰক্ষীৰ