ETV Bharat / politics

অখিল গগৈৰ পত্নী বুঢ়ী ! আজমলৰ বিৰুদ্ধে জাতীয় নাৰী বাহিনীৰ এজাহাৰ দাখিল - AJMAL ON AKHIL GOGOIS WIFE

"অখিল গগৈৰ পত্নী বুঢ়ী । কোনোবা জৱান পত্নীৰ বিষয়ে সোধা, আমি মাত মাতিম ।" বদৰুদ্দিন আজমলৰ মন্তব্যৰ বিৰুদ্ধে এজাহাৰ দাখিল জাতীয় নাৰী বাহিনীৰ ।

Ajmal on Akhil Gogois wife
অখিল গগৈৰ পত্নী বুঢ়ী: আজমলৰ বিৰুদ্ধে জাতীয় নাৰী বাহিনীৰ এজাহাৰ দাখিল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 24, 2025, 4:30 PM IST

ধিং: শেহতীয়াভাৱে অসমৰ ৰাজনৈতিক তথা সামাজিক ক্ষেত্ৰত তিনিটা বিষয়ে বৃহৎ জোকাৰণিৰ সৃষ্টি কৰিছে । প্ৰথম বিষয়টো হৈছে পৰীক্ষাৰ্থীক পৰীক্ষাগৃহত বিশেষ সুবিধা প্ৰদানৰ অভিযোগত ইউ এছ টি এমৰ আচাৰ্য মহবুবুল হকক গ্ৰেপ্তাৰৰ ঘটনা ।

আনটো হৈছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ পত্নী গীতাশ্ৰী তামুলীৰ চাকৰিত নিযুক্তি সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰা গুৰুতৰ অভিযোগ ।

অখিল গগৈৰ পত্নী বুঢ়ী: আজমলৰ বিৰুদ্ধে জাতীয় নাৰী বাহিনীৰ এজাহাৰ দাখিল (ETV Bharat Assam)

আনহাতে, তৃতীয় চৰ্চিত বিষয়টো হৈছে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক দিন-দুপৰতে দুৰ্বৃত্তৰ আক্ৰমণ আৰু এই ঘটনাৰ পিছত এতিয়ালৈকে দুৰ্বৃত্তক কৰায়ত্ত নকৰা সন্দৰ্ভত ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়া । এই আটাইকেইটা ঘটনা সন্দৰ্ভত শেহতীয়াভাৱে নিজৰ মন্তব্য প্ৰকাশ কৰিছে এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে । ইয়াৰ ভিতৰত অখিল গগৈৰ পত্নী সন্দৰ্ভত বদৰুদ্দিন আজমলৰ মন্তব্যই তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছে । লগতে এই অশালীন মন্তব্যৰ বাবে প্ৰাক্তন সাংসদগৰাকী তীব্ৰ সমালোচনাৰ সন্মুখীন হ'বলগা হৈছে ।

মহবুবুল হকক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত বদৰুদ্দিন আজমলৰ প্ৰতিক্ৰিয়া

উল্লেখ্য যে দেওবাৰে মৰিগাঁও জিলাৰ লাহৰীঘাটত দ্বীনি তালিম জমিয়ত উলামাৰ শিক্ষক সন্মিলনত অংশগ্ৰহণ কৰি এ আই ইউ ডি এফ দলৰ সভাপতি বদৰুদ্দিন আজমলে এই বিষয়কেইটাত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।

সাংবাদিকৰ সৈতে হোৱা মত বিনিময়ত ধুবুৰীৰ প্ৰাক্তন সাংসদগৰাকীৰ মহবুবুল হকক গ্ৰেপ্তাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া, "মোৰ একো মন্তব্য নাই । কানুনে তাৰ কাম কৰিব । সি যেতিয়া আল্লাই নকৰক উলটা-পালটা কৰি আছে কানুনে যি কাম কৰিব কৰিব । কিন্তু মানুহজনে বহুত ডাঙৰ কাম কৰি আছে । যদি ইউ এছ টি এমৰ মহবুবুল হকে সৰু-সুৰা ভুল কৰিছে, তেখেতক চৰকাৰে ক্ষমা কৰি দিব লাগে । তেখেতে বহুত ভাল কাম কৰি আছে । ইমান ডাঙৰ এটা প্ৰতিষ্ঠান, আমিতো সপোনতো দেখিব নোৱাৰো । সেইটো কাৰণে যদি কিবা সৰু-সুৰা ভুল-ভ্ৰান্তি থাকে চৰকাৰে মাফ কৰি দিব লাগে ।"

অখিল গগৈৰ পত্নী সন্দৰ্ভত মন্তব্য

অখিল গগৈৰ পত্নীৰ নিযুক্তি বিতৰ্ক সন্দৰ্ভত বদৰুদ্দিন আজমলৰ মন্তব্য, "অখিল গগৈৰ পত্নী বুঢ়ী মানুহ । তেওঁৰ কথা মই কি ক'ম । কোনোবা জৱান পত্নীৰ কথা কোৱা, আমি মাত মাতিম । আমি ইমান বুঢ়া হৈছোঁ, তথাপিতো মন মতে জৱান হয় না । অখিল গগৈৰ পত্নী বুঢ়ী । এই বুঢ়ীক লৈ মই কি মাত মাতিম ।"

ইফালে অখিল গগৈক বিজেপিৰ এজেণ্ট আখ্যা দি আজমলৰ মন্তব্য, "এ পি এছ চি কেলেংকাৰীক লৈ সদনত মুখ্যমন্ত্ৰী আৰু অখিল গগৈৰ তৰ্ক-বিতৰ্ক এটা প্ৰি-প্লেন, সেইটো খাটাং কথা । অখিল গগৈয়ে আজিকালি যে বিভিন্ন মিটিং কৰি আছে সেইবোৰ ফাইনেন্স বাই হিমন্ত বিশ্ব শৰ্মা । অহা ইলেকচনৰ কাৰণে কৰি আছে ।"

আনহাতে, ৰকিবুল হুছেইনৰ ওপৰত সংঘটিত আক্ৰমণৰ ঘটনাত আজমলৰ প্ৰতিক্ৰিয়া, "ৰকিবুলক আক্ৰমণ কৰা কাৰ্য বেয়া হৈছে, চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে । এনে ট্ৰেণ্ড ইউ পি, বিহাৰৰ । অসমত ৰকিবুল হুছেইনে নিজেই আনিছে ।"

আজমলৰ বিৰুদ্ধে এজাহাৰ দাখিল

উল্লেখ্য যে অখিল গগৈৰ পত্নী সন্দৰ্ভত বদৰুদ্দিন আজমলৰ মন্তব্যক লৈ জাঙুৰ খাই উঠিছে ৰাইজৰ দলৰ ভগ্নী সংগঠন জাতীয় নাৰী বাহিনী । অখিল গগৈৰ পত্নী সন্দৰ্ভত আজমলৰ মন্তব্যক অশালীন আখ্যা দি জাতীয় নাৰী বাহিনীয়ে বঙাইগাঁও থানাত বদৰুদ্দিন আজমলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ।

আনহাতে, অখিল গগৈৰ পত্নীৰ বিৰুদ্ধে আজমলৰ মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সাংসদ ফণীভূষণ চৌধুৰীয়ে । "বদৰুদ্দিন আজমল সম্পদ নহয়, অসমৰ বোজা । গতিকে অসমৰ ৰাইজে আজমলক বহিষ্কাৰ কৰিব লাগে ।" এই মন্তব্য বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰীৰ ।

লগতে পঢ়ক :অসমত বলীয়া কুকুৰৰ ৰাজত্ব চলিছে: ৰকিবুল হুছেইন - RAKIBUL HUSSAIN ATTACK
লগতে পঢ়ক :অসমৰ সমাজ জীৱনক লাজত নেপেলাব; মুখ্যমন্ত্ৰীক আহ্বান লুৰীণজ্যোতিৰ - LURINJYOTI GOGOI SLAMS ASSAM CM

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.