ৰঙিয়া: ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান । সমান্তৰালভাৱে ৰঙিয়া আৰক্ষীয়েও নিতৌ চলাই গৈছে ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান । এই ড্ৰাগছ বিৰোধী অভিযানত পুনৰ বৃহৎ সাফল্য লাভ কৰে ৰঙিয়া আৰক্ষীয়ে ৷
ৰাজ্য়জুৰি আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান অব্য়াহত ৰখাৰ সময়তেই আৰক্ষীয়ে ৰঙিয়াত আৰক্ষীৰ জালত পৰিল গাঞ্জা সৰবৰাহকাৰী । ৰঙিয়া আৰক্ষীয়ে গাঞ্জা বিৰোধী অভিযান চলাই বৃহৎ পৰিমাণৰ নিষিদ্ধ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় । আৰক্ষীৰ এই অভিযানত ১২ কিলোগ্ৰাম গাঞ্জা জব্দ কৰে ।
ঘটনাৰ বিৱৰণী অনুসৰি সোমবাৰে পুৱতি নিশা ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ ৰঙিয়াৰ তুলসীবাৰীত বিশেষ অভিযান চলাই এটা গাঞ্জা ব্যৱসায়ীক হাতে-লোটে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । ধৃত ব্যৱসায়ীটো তামুলপুৰ জিলাৰ দৰঙা মেলাৰ ফাৰুক খান বুলি চিনাক্ত কৰা হৈছে । আৰক্ষীয়ে তেওঁৰ পৰা ১২ কিলোগ্ৰাম গাঞ্জা জব্দ কৰাৰ লগতে AS 06 L 5983 নম্বৰৰ বাহন এখনো উদ্ধাৰ কৰিছে । ৰঙিয়া থানাৰ টাউন উপ-পৰিদৰ্শক বিষ্ণু জ্যোতি বৰা আৰু তুলসীবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱশীষ সোণোৱালে এই অভিযানৰ নেতৃত্ব দিয়ে ।
ৰঙিয়া আৰক্ষীৰ নগৰ উপ-পৰিদৰ্শক বিষ্ণুজ্যোতি বৰাই এই অভিযানৰ বিষয়ে উল্লেখ কৰি কয় ,"আমি টি এছ আই ৰঙিয়া আৰু তুলসীবাৰী আই চি আৰক্ষীয়ে লগ হৈ এটা গোপন তথ্যৰ ভিত্তিত অভিযান চলাইছিলো । এই অভিযানত আমি AS 06 L 5983 নম্বৰৰ বাহন এখনৰ পৰা ১২ কেজি গাঞ্জা জব্দ কৰাৰ লগতে এজন লোকক আটক কৰা হৈছে । "