ETV Bharat / lifestyle

মহাশিৱৰাত্ৰিৰ সৈতে ঐতিহাসিক মহাভৈৰৱ মন্দিৰৰ সম্পৰ্ক কি ? জানক ইয়াৰ ইতিহাসৰ বিষয়ে - MAHASHIVRATRI 2025

মহাশিৱৰাত্ৰি উপলক্ষে তেজপুৰৰ ঐতিহাসিক মহাভৈৰৱ মন্দিৰতো চলিছে মহাশিৱৰাত্ৰিৰ বিশেষ আয়োজন, আহক এই উপলক্ষে আজি আমি মহাভৈৰৱ মন্দিৰৰ মহত্ব আৰু ইতিহাসৰ বিষয়ে জানো আহক-

Mahashivratri 2025 History of Mahabhairav Temple Tezpur, Assam
ঐতিহাসিক মহাভৈৰৱ মন্দিৰ (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : Feb 24, 2025, 4:17 PM IST

হিন্দু ধৰ্মত মহাশিৱৰাত্ৰি উৎসৱৰ এক বিশেষ তাৎপৰ্য আছে ৷ শিৱভক্তসকলে গোটেই বছৰটো মহাশিৱৰাত্ৰিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰে ৷ প্ৰতি বছৰে ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী তিথিত মহাশিৱৰাত্ৰি পালন কৰা হয় ৷ এই তাৰিখতে ভগৱান শিৱ আৰু মা পাৰ্বতীৰ বিবাহ হৈছিল বুলি বিশ্বাস কৰা হয় ৷ এই দিনটোত ৰাজ্যৰ ভিন্ন স্থানত থকা মন্দিৰত শিৱক আৰাধনা কৰা হয় ৷ মহাশিৱৰাত্ৰি উপলক্ষে তেজপুৰৰ ঐতিহাসিক মহাভৈৰৱ মন্দিৰতো চলিছে মহাশিৱৰাত্ৰিৰ বিশেষ আয়োজন ৷

মহাভৈৰৱ মন্দিৰৰ মহত্ব আৰু ইতিহাস

তেজপুৰ চহৰৰ উত্তৰ দিশত এটা সৰু টিলাৰ ওপৰত মহাভৈৰৱ মন্দিৰ অৱস্থিত ৷ এই মন্দিৰত হিন্দুসকলৰ আৰাধ্য দেৱতা শিৱক নিতৌ পূজা অৰ্চনা কৰা হয় ৷ কথিত আছে যে দ্বাপৰ যুগত শিৱভক্ত বাণাসুৰে এই মন্দিৰ নিৰ্মাণ কৰিছিল ৷ মন্দিৰৰ ভূমিৰ পৰিমাণ ১৫৯ কঠা ৩ লেচা ৷ মন্দিৰৰ চাৰিওফালে সিঁচৰিত ভগ্ন শিলাখণ্ডসমূহৰ পৰা এইটো অনুধাৱন কৰিব পাৰি যে মূল মন্দিৰক কেন্দ্ৰ কৰি আন সৰু সৰু মন্দিৰ নিৰ্মাণ কৰা হৈছিল ৷ কথিত আছে যে বাণৰজাৰ জীয়ৰী ঊষাই ইয়াতেই সদায় পূজা অৰ্চনা কৰিছিল ৷ মূল মন্দিৰৰ ভিতৰত এটা বৃহৎ শিৱলিংগ আছে ৷ এই লিংগটো ৰ উচ্চতা প্ৰায় ৩.২ মিটাৰ আৰু প্ৰস্থ প্ৰায় ২.৩ মিটাৰ ৷ মহাভৈৰৱ মন্দিৰৰ এই শিৱলিংগ এছিয়া মহাদেশৰ বৃহত শিৱলিংগ সমূহৰ ভিতৰত লেখত ল’বলগীয়া ৷

Mahashivratri 2025 History of Mahabhairav Temple Tezpur, Assam
ঐতিহাসিক মহাভৈৰৱ মন্দিৰ (ETV Bharat)

তেজপুৰৰ চহৰৰ উত্তৰ ফালে এটা সৰু পাহাৰ বা টিলাৰ ওপৰত মহাভৈৰৱ মন্দিৰৰ অৱস্থান । সাধাৰণতে জানিবই পৰা যায় ভৈৰৱ মানে কোন বহু যুগ যুগৰ পৰা এই মন্দিৰত হিন্দু সকলৰ আৰাধ্য দেৱতা শিৱক নিতৌ পূজা অৰ্চনা কৰা হয় । কথিত আছে যে দ্বাপৰ যুগত শিৱভক্ত বাণাসুৰে এই মহাভৈৰৱ মন্দিৰৰ নিৰ্মাণ কৰিছিল । মন্দিৰৰ সম্পূৰ্ণ ভূমি পৰিমাণ হৈছে ১৫৯ কঠা ৩ লেচা । মন্দিৰৰ চাৰিওকাষে ভগ্নাৱশেষ সমূহৰ পৰা এইটো অনুমান কৰিব পৰা যায় যে মূল মন্দিৰক কেন্দ্ৰ কৰি আৰু বহু সৰু সৰু মন্দিৰ নিৰ্মাণ কৰা হৈছিল । কথিত আছে যে বাণৰজাৰ জী উষাই এই মন্দিৰতে নিতৌ পূজা অৰ্চনা কৰিছিল । মূল মন্দিৰৰ ভিতৰত এটা বৃহৎ আকাৰৰ শিৱলিংগ আছে এই লিংগৰ উচ্চতা প্ৰায় ৩.২ মিটাৰ প্ৰস্থ ২.৩ মিটাৰ । মহাভৈৰৱ মন্দিৰৰ মূল এই শিৱ লিংগ এছিয়া মহাদেশৰ বৃহৎ শিৱলিংগৰ ভিতৰত এটি অন্যতম ।

পৌৰাণিক আখ্যান অনুসৰি বাণ ৰজাই ইষ্ট দেৱতা শিৱক পূজা-অৰ্চনাৰ বাবে মহাভৈৰৱ মন্দিৰৰ নিৰ্মাণ কৰিছিল । মন্দিৰৰ ভৌগলিক অৱস্থান হৈছে ২৬° অক্ষাংশ আৰু পূবে ৯২°দ্ৰাঘিমাংশ । আগতে এই মন্দিৰ শৈল নিৰ্মিত আছিল পাছলৈ আহোম ৰাজত্ব কালত আকৌ পুনৰ নিৰ্মাণ কৰা হয় । প্ৰচণ্ড ধুমুহাৰ ফলত মন্দিৰৰ তোৰণ ভাগ ভাগি চূৰমাৰ হোৱাত তোৰণৰ লগতে মন্দিৰৰ বহু অংশ দ্বিতীয় বাৰলৈ পুনৰ নিৰ্মাণ কৰা হয় । ইতিহাস মতে, তুংখুঙীয়া বংশৰ দ্বাৰা দান দিয়া দেৱোত্তৰ ভূমিত এই মন্দিৰ নিৰ্মাণ কৰা হয় । মন্দিৰ পৰিচালনাৰ বাবে তেওঁলোকে ইয়াত পূজাৰী আদি নিয়োগ কৰিছিল । বৰ্তমান অসম চৰকাৰৰ হস্তক্ষেপত এখন পৰিচালনা সমিতিৰ দ্বাৰা এই মন্দিৰ পৰিচালনা কৰা হয় । মন্দিৰত দৈনিক পূজা-অৰ্চনাৰ লগতে বিবাহ, অন্ন-প্ৰসন্ন আদি সম্পন্ন হয় । প্ৰতি বছৰে মহাশিৱৰাত্ৰিৰ দিনা এই মন্দিৰত ধূম-ধামকৈ পালন কৰা হয় ।

ইতিহাস মতে, তুংখুঙীয়া বংশৰ দ্বাৰা দান দিয়া দেৱোত্তৰ ভূমিত এই মন্দিৰৰ নিৰ্মাণ কৰোৱা হয় ৷ মন্দিৰৰ পৰিচালনাৰ বাবে তেওঁলোকে ইয়াত পূজাৰী আদিওঁ নিয়োগ কৰিছিল, বৰ্তমান অসম চৰকাৰৰ হস্তক্ষেপত এখন পৰিচালনা সমিতিৰ দ্বাৰা মন্দিৰৰ কাম-কাজ পৰিচালিত হৈ আছে ৷

কথিত আছে যে, এই মন্দিৰত বাণ ৰজাৰ কন্যা ঊষাই দৈনিক পূজা অৰ্চনা কৰিছিল ৷ মন্দিৰৰ মূল লিংগ ভাগৰ দৈৰ্ঘ্য ৩.৩০ মিটাৰ আৰু ব্যাস ২.৩০ মিটাৰ ৷ মন্দিৰৰত দৈনিক পূজা-অৰ্চনাৰ লগতে বিবাহ, অন্ন-প্ৰসন্ন আদিওঁ সম্পন্ন হয় ৷ প্ৰতি বছৰে মহাশিৱৰাত্ৰী ধুম-ধামৰে অনুষ্ঠিত হৈ আহিছে ৷ ভক্ত প্ৰাণ ৰাইজে মন্দিৰত, ছাগলী,গৰু, পাৰ আদি দান দি মুকলি কৰি দিয়ে ৷

(বিঃদ্রঃ এই প্ৰতিবেদন ধাৰ্মিক মান্যতাৰ ওপৰত আধাৰিত এই। আমাৰ উদ্দেশ্য কেৱল পাঠকক অৱগত কৰা । ইটিভি ভাৰতে এই তথ্য নিশ্চিত কৰা নাই । যিকোনো প্ৰশ্নৰ বাবে বিশেষজ্ঞৰ পৰামৰ্শ লওক)

লগতে পঢ়ক

  1. আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্টলৈ আহি তেজপুৰত কি কি পৰ্যটনস্থলী পৰিদৰ্শন কৰিব ?
  2. ঐতিহাসিক মহাভৈৰৱ মন্দিৰত আশীষ ল'লে সৰ্বানন্দ সোণোৱালে - Sarbananda Sonowal in Tezpur
  3. মহাভৈৰৱ মন্দিৰত উপস্থিত অভিনেত্ৰী পদ্মিনী কোলহাপুৰে, ক’লে- ছাৰপ্ৰাইজ...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.