গুৱাহাটী: আঠ সহস্ৰাধিক শিল্পীয়ে পৰিৱেশন কৰা "ঝুমইৰ বিনন্দিনী" উপভোগ কৰিবলৈ সোমবাৰে সন্ধিয়া প্ৰায় ছয় বজাত গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত বিশেষ বিমান যোগে আহি উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷
ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই বিমানবন্দৰত প্ৰধানমন্ত্ৰীক আদৰণি জনায় ৷ প্ৰধানমন্ত্ৰীগৰাকী বৰঝাৰৰ পৰা পোনে পোনে ৰাওনা হয় সৰুসজাই ষ্টেডিয়ামলৈ ৷
অসমভূমিলৈ স্বাগতম!
— Himanta Biswa Sarma (@himantabiswa) February 24, 2025
It is a privilege and honour to welcome the world’s most popular leader Adarniya Shri @narendramodi ji to Assam.
Hon'ble Prime Minister's vision drives us in our pursuit to build a Viksit Assam.
📍LGBI Airport, Guwahati pic.twitter.com/dyNmotNeZo
প্ৰধানমন্ত্ৰী মোদীৰ লগতে ৬১গৰাকী ৰাষ্ট্ৰদূত আৰু বিদেশী প্ৰতিনিধিসহ প্ৰায় চাৰে তিনিশ বিশিষ্ট অতিথিয়ে উপভোগ কৰে এই বিশেষ অনুষ্ঠান ।
উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বিভিন্ন ৰাষ্ট্ৰদূতৰ আগমনক কেন্দ্ৰ কৰি সমগ্ৰ গুৱাহাটীৰ লগতে বিশেষকৈ বৰঝাৰৰ পৰা খানাপাৰালৈ ৰাষ্ট্ৰীয় ঘাইপথত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হয় । পথৰ দুয়োকাষে বাঁহৰ বেৰকেডৰ ব্যৱস্থা কৰা হয় । ৫০০ মিটাৰ দূৰে দূৰে ৰখা হয় নিৰাপত্তাৰক্ষী ।
বিহু নৃত্য, বিভিন্ন জনজাতীয় নৃত্য, সত্ৰীয়া নৃত্য আৰু গায়ন-বায়ন আদিৰে প্ৰধানমন্ত্ৰীক আদৰা হয় বৰঝাৰ বিমানবন্দৰত । লক্ষণীয় যে গুৱাহাটীৰ চৌদিশে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটো সম্বলিত হৰ্ডিং, বেনাৰ আঁৰি থোৱা দেখা গৈছে ।
লগতে পঢ়ক : প্ৰধানমন্ত্ৰীৰ আগমনক লৈ তৎপৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা লগতে পঢ়ক : ঘানাৰ পৰা আৰম্ভ কৰি কিউবালৈকে... এডভাণ্টেজ আছাম ২.০ ত ভাগ ল'বলৈ আহিল দলে-বলে |
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণক লৈ ছ’চিয়েল মিডিয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় -
One final check before it all begins! #AdvantageAssam2 #JhumoirBinandini pic.twitter.com/HHnhRoykuX
— Himanta Biswa Sarma (@himantabiswa) February 24, 2025
‘‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিটো অসম ভ্ৰমণেই বিশেষ । অসম তথা উত্তৰ-পূবক হৃদয়েৰে সন্মান দিয়া বিশ্বৰ যশস্বী নেতাগৰাকীক অসমলৈ উষ্ম আদৰণি জনাইছো । দুদিনীয়া ভ্ৰমণেৰে অসমলৈ অহা প্ৰধানমন্ত্ৰীৰ ৰাজ্যবাসীৰ বাবে অতি গুৰুত্বপূর্ণ তথা ঐতিহাসিক আয়োজন ঝুমইৰ বিনন্দিনীৰ সাক্ষী হোৱাৰ লগতে এডভাণ্টেজ আছাম-২.০ ৰ উদ্বোধনেৰে সৌষ্ঠৱ বৃদ্ধি কৰিব ।"
In Assam, our growth is fuelled by districts, which are at the heart of our developmental model.
— Himanta Biswa Sarma (@himantabiswa) February 24, 2025
Across all districts, there are great enthusiasm for #AdvantageAssam2
Our DCs, on behalf of the people of their districts, extend a warm welcome to everyone coming to Assam. pic.twitter.com/QF2Cf71dGF
তেওঁ লগতে কয়, ‘‘কিছুক্ষণ পাছতে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসম ভূমিত প্ৰৱেশ কৰিব । আজিৰ এই বিশেষ দিনটোৰ উপহাৰ হিচাপে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ কৃষক বন্ধুসকলৰ বাবে মুকলি কৰি দিব প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ১৯সংখ্যক কিস্তি । ২০.৮৭ লাখ কৃষক বন্ধুক সামৰি প্ৰদান কৰা হ’ব মুঠ ৪৭৫ কোটি টকা - এই ৰাশি পূৰ্বৰ কিস্তিৰ ১০%তকৈও অধিক ।"
A warm welcome to Hon'ble Prime Minister Shri @narendramodi ji to Assam.
— Himanta Biswa Sarma (@himantabiswa) February 24, 2025
Adarniya Pradhan Mantri ji will witness the historic #JhumoirBinandini and inaugurate #AdvantageAssam2 during his 2-day visit to the State.#ModimayAssam pic.twitter.com/uZFCLIXQHC
উল্লেখ্য যে সন্ধিয়া ৫-৩০ বজাত সৰুসজাইত ‘‘ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰম্ভ হ' ব। বিয়লি বৰঝাৰত অৱতৰণ কৰি পোনে পোনে আহিব লগা প্ৰধানমন্ত্ৰী মোদীক এখন বিশেষভাৱে সজ্জিত বাহনত সৰুসজাই ষ্টেডিয়ামত ঘূৰোৱা হ'ব । প্ৰধানমন্ত্ৰীয়ে ঝুমইৰ শিল্পীসকলৰে মত বিনিময় কৰিব আৰু দৰ্শকক অভিবাদন জনাব । তাৰ পাছতে মুখ্যমন্ত্ৰীৰ চমু ভাষণ আৰু প্ৰধানমন্ত্ৰীয়ে ৰাইজক সম্বোধি দিয়া ভাষণৰ পাছতে ‘‘ঝুমইৰ বিনন্দিনী’’ৰ মূল কাৰ্যসূচী অনুষ্ঠিত হ'ব ।
As he lands in Assam in a few hours from now, Hon'ble Prime Minister Shri @narendramodi ji is sending an advanced gift to the farmers of Assam – the 19th installment of #PMKisanSammanNidhi
— Himanta Biswa Sarma (@himantabiswa) February 24, 2025
₹475 cr to 20.87 lakh farmers – 10% more than the last installment!
Gratitude 🙏🏼 pic.twitter.com/1tbv8RjyUS
ঝুমইৰৰ পাছত অসমৰ বাৰেৰহণীয়া সংস্কৃতি প্ৰদৰ্শন কৰা এটা লেজাৰ সাংস্কৃতিক অনুষ্ঠান হ'ব । দেশ-বিদেশৰ চাৰে তিনিশ নিমন্ত্ৰিত অতিথিয়ে অনুষ্ঠান উপভোগ কৰিব । ‘‘ঝুমইৰ বিনন্দিনী’’ অনুষ্ঠান ৰাজ্যৰ আঠশ চাহ বাগিচাত বিশাল এল ই ডি স্ক্ৰীনত প্ৰদৰ্শনৰো ব্যৱস্থা কৰা হৈছে ।
‘‘ঝুমইৰ বিনন্দিনী’’ অনুষ্ঠানৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মন্ত্ৰী খানাপাৰাৰ ‘‘এডভান্টেজ আছাম ২.০’’ থলীলৈ আহিব আৰু সন্মিলনৰ প্ৰদৰ্শনীখন মুকলি কৰিব । প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰায় এঘণ্টা সময় প্ৰদর্শনীত কটাব আৰু অংশগ্ৰহণকাৰীৰে মত বিনিময় কৰিব । প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলেও প্ৰদৰ্শনীখন ২৭ আৰু ২৮ ফেব্ৰুৱাৰী আৰু ১ মাৰ্চতহে দৰ্শকে ভ্ৰমণ কৰাৰ ব্যৱস্থা কৰিছে ।