Sattriya Cultural Festival 2023: কলাক্ষেত্ৰত অনুষ্ঠিত সত্ৰীয়া সাংস্কৃতিক সমাৰোহৰ সফল সামৰণি - পদ্মশ্ৰী নৃত্যাচাৰ্য্য যতীন গোস্বামী
🎬 Watch Now: Feature Video


Published : Oct 2, 2023, 10:55 PM IST
গুৱাহাটী, ২ অক্টোবৰ : সত্ৰীয়া সাংস্কৃতিক মহাপৰিষদ অসমৰ উদ্যোগত আৰু সত্ৰীয়া সাংস্কৃতিক যৌথ মঞ্চ গুৱাহাটীৰ সহযোগত মহানগৰীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সত্ৰীয়া সাংস্কৃতিক মহাসমাৰোহ ২০২৩ উদযাপন কৰা হয় । ২৯ ছেপ্টেম্বৰৰ পৰা ১ অক্টোবৰলৈ তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হয় এই সমাৰোহৰ ৷
দেওবাৰে সত্ৰীয়া সাংস্কৃতিক সমাৰোহৰ সফল সামৰণি পৰে । সমাৰোহৰ অন্তিম দিনৰ কাৰ্যসূচী বৰগীতেৰে আৰম্ভ কৰা হয় । অনুষ্ঠানৰ অন্তিম দিনাৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়া । অনুষ্ঠানত উপস্থিত থাকি সত্ৰীয়া সংস্কৃতিৰ বিষয়ে বহু গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায় ৰাজ্যপালগৰাকীয়ে ৷
আনহাতে সমাৰোহৰ লগত সংগতি ৰাখি "সত্ৰীয়া সংস্কৃতি" নামৰ এখন স্মৰণিকা ৰাজ্যপালগৰাকীয়ে উন্মোচন কৰে । অনুষ্ঠানত উপস্থিত থাকে পদ্মশ্ৰী নৃত্যাচাৰ্য্য যতীন গোস্বামী, সত্ৰীয়া সাংস্কৃতিক মহাপৰিষদৰ সভাপতি প্ৰফুল্ল প্ৰাণ মহন্ত, সত্ৰীয়া সংস্কৃতিৰ সাধক গোৱিন্দ শইকীয়া আৰু গুৰু ঘনকন্ত বৰা বৰবায়ন আদিকে ধৰি বহু গণ্যমান্য ব্যক্তি ।
লগতে পঢ়ক : Bishnu Prasad Rabha putola nach:শংকৰদেৱ কলাক্ষেত্ৰত পুতলা নাচ "বিষ্ণু প্ৰসাদ ৰাভা"ৰ সফল মঞ্চায়ন