Students Brawl: অশ্লীল শব্দ প্ৰয়োগ কৰাৰ বাবে দুই ছাত্ৰৰ তয়াময়া ৰণ, ভৰি ভাগিল ছাত্ৰৰ

By

Published : Aug 3, 2023, 7:51 PM IST

thumbnail

লখিমপুৰ, ৩ আগষ্ট : সহপাঠীৰ প্ৰহাৰত ভৰি ভাগিল ছাত্রৰ। লখিমপুৰ জিলাৰ জন ফাৰ্থ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত অঘটন ৷ বৃহস্পতিবাৰে লখিমপুৰৰ জন ফাৰ্থ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত টিফিন ব্ৰেকৰ সময়ত সপ্তম শ্ৰেণীৰ ছাত্র এজনে একে শ্ৰেণীৰে আন এজন ছাত্ৰক অশ্লীল শব্দ প্ৰয়োগ কৰি গালি দিয়াৰ বাবে ওলোটাই প্ৰহাৰ কৰে ৷ 

ছাত্ৰজনৰ প্ৰহাৰত আনজন ছাত্ৰৰ ভৰি ভাগি যোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ এই ঘটনা প্ৰত্যক্ষ কৰিয়েই বিদ্যালয় কৰ্তৃপক্ষই ততালিকে আহত ছাত্ৰজনক লখিমপুৰ মেডিকেল কলেজলৈ নিয়ে যদিও ভিৰ দেখা পাই সমীপৰে সৌমাৰপীঠ নাৰ্চিং হোমত ভৰ্তি কৰে। সম্প্রতি ছাত্ৰজন চিকিৎসাধীন হৈ আছে ৷ 

আহত ছাত্ৰজনৰ মাতৃয়ে দোষী ছাত্ৰজনক শাস্তি বিহিবলৈ দাবী জনাইছে ৷ আনহাতে বিদ্যালয় কৰ্তৃপক্ষই আহত ছাত্ৰজনৰ অভিভাৱকক মাতি আনি এই সন্দৰ্ভত ব্যবস্থা গ্রহণ কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে ৷

লগতে পঢ়ক: Robbery incident in Guwahati: ৰাজপথত ৰখাই থোৱা বলেৰ’ বাহনৰ আইনা ভাঙি লুটিলে নগদ ধন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.