Rajabahar Govt school principal news:তিতাবৰৰ এখন বিদ্যালয়ত প্ৰধান শিক্ষকৰ সন্ত্ৰাস - তিতাবৰ
🎬 Watch Now: Feature Video
তিতাবৰ, 29 মে’ : প্ৰধান শিক্ষকে সামান্য কথাতেই গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিলে তিনি ছাত্ৰীক ৷ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে শিশু শিক্ষাৰ অধিকাৰৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন আইন প্ৰণয়ন কৰাৰ লগতে শেহতীয়াকৈ শিক্ষক-শিক্ষয়িত্ৰীয়ে মাৰ্জিত পোছাক পৰিধান কৰি শিশু তথা শিক্ষাৰ্থীৰ মন আকৰ্ষণৰ জৰিয়তে শিক্ষাদান কৰিবলৈ নিৰ্দেশনা জাৰি কৰাৰ সময়তে তিতাবৰৰ এখন প্ৰাথমিক বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ তিনিগৰাকী কণমানি ছাত্ৰীক সামান্য কাৰণতেই গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰা কাৰ্য্যই সমগ্ৰ তিতাবৰ ৰজাবাহৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে (Rajabahar Govt school principal news) ।
তথ্যমতে, তিতাবৰ শিক্ষা খণ্ডৰ অন্তৰ্গত ৰজাবাহৰ গাঁৱৰ ৰজাবাহৰ চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ৰ প্ৰধান শিক্ষক চন্দন বৰগোহাঁই নামৰ প্ৰধান শিক্ষকজনে প্ৰায়ে বেয়াকৈ প্ৰহাৰ কৰে শিক্ষাৰ্থীক (Principal beats students at school) । শেহতীয়া অভিযোগ অনুসৰি শনিবাৰে চন্দন বৰগোহাঁইয়ে বিদ্যালয়ৰ তিনি গৰাকী ছাত্ৰীক গাত দাগ বহি যোৱাকৈ বেয়াকৈ প্ৰহাৰ কৰিছিল ৷ এতিয়া প্ৰধান শিক্ষক গৰাকীৰ ভয়ত ছাত্ৰী কেইগৰাকীয়ে বিদ্যালয়লৈ যাবলৈ ভয় কৰিছে ৷ উপায়হীন হৈ পিতৃ-মাতৃয়ে এতিয়া নিজ নিজ কন্যাক অন্য বিদ্যালয়ত নামভৰ্তি কৰাই দিছে । স্থানীয়লোকৰ অভিযোগ যে মাজে মাজে বিদ্যালয়লৈ সুৰাপান কৰি আহে প্ৰধান শিক্ষক গৰাকীয়ে (Titabor Rajabahar school news) । এতিয়া কণ কণ ছাত্ৰীক শাৰীৰিকভাৱে প্ৰহাৰ কৰা বিদ্যালয়ৰ প্ৰধান শিক্ষক চন্দন বৰগোহাঁইৰ ওপৰত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব ৷
লগতে পঢ়ক : Muga farming in Moran:মুগা পালনেৰেই দীৰ্ঘদিন ধৰি পৰিয়াল চলাই আছে মৰাণৰ মুগা পালক সকলে