HSLC question paper leak: শিৱসাগৰত ভুৱা প্ৰচাৰ চলোৱাৰ অভিযোগত আটক ৬ শিক্ষাৰ্থী - SEBA is in controversy

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 19, 2023, 10:21 AM IST

শিৱসাগৰ, ১৯মাৰ্চ: মেট্ৰিক পৰীক্ষাৰ ভূগোলৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ ভুৱা প্ৰচাৰ চলোৱাৰ অভিযোগত শিৱসাগৰত আটক ৬ গৰাকী শিক্ষাৰ্থী (Six students detained in Sivasagar)। উল্লেখযোগ্য যে, শিৱসাগৰ আৰক্ষীয়ে শনিবাৰে নিশা জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা পুনৰ ৬ গৰাকী শিক্ষাৰ্থীক সোধা-পোচাৰ বাবে আটক কৰে । আটক কৰা আটাইকেইগৰাকী শিক্ষাৰ্থীক শিৱসাগৰ আৰক্ষী অধীক্ষকে কাৰ্যালয়ত মাৰথন জেৰা চলায় ।

উল্লেখ্য যে, যোৱা ১৩ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পাচতেই মাজনিশা পৰীক্ষা বাতিল কৰিছিল ছেবাই (HSLC question paper leak)। তাৰ পাচতেই 18 মাৰ্চত অনুষ্ঠিত হ’বলগীয়া অসমীয়া বিষয়ৰ পৰীক্ষাৰ প্ৰশ্নকাকতো ফাদিল হয় ৷ ফলত অসমীয়া বিষয়ৰ পৰীক্ষাও বাতিল কৰা হয় ৷ ইয়াকে কেন্দ্ৰ কৰি ৰাজ্যজুৰি এতিয়াও অব্যাহত আছে প্ৰতিক্ৰিয়া (SEBA is in controversy) ৷ 

প্ৰশ্নকাকত ফাদিলক লৈ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে ছেবা ৷ এনে বিতৰ্ক অব্য়াহত থকাৰ মাজতেই ভূগোলৰ প্ৰশ্নকাকত ফাদিল হোৱা বুলি একাংশই  ভুৱা প্ৰচাৰ চলায় । এই ভুৱা প্ৰচাৰ চলোৱাৰ অভিযোগতেই শিৱসাগৰত ৬ গৰাকী শিক্ষাৰ্থীক আৰক্ষীয়ে আটক কৰে (HSLC exam paper leak news)।

লগতে পঢ়ক: Danda Dance Competition in Sotia: চতিয়াত শ্ৰী শ্ৰী দণ্ড কালি মন্দিৰ প্ৰতিষ্ঠা আৰু দণ্ড নৃত্য প্ৰতিযোগিতা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.