Mid Day Meal scam: জোনাইত মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত শিশু - Allegation of scam in Mid Day Meal

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 28, 2023, 1:32 AM IST

Updated : Apr 28, 2023, 9:33 AM IST

জোনাই ,২৭ এপ্ৰিলঃ  শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ গৃহ জিলা ধেমাজিৰ জোনাইত কেইবাখনো চৰকাৰী বিদ্যালয়ৰ শিক্ষকসকলে শিশুসকলক মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত কৰি ৰখাৰ অভিযোগ উঠিছে (Allegation of scam in Mid Day Meal)। মূৰ্কংচেলেক শিক্ষা খণ্ডৰ অন্তৰ্গত জৌংচাৰ মিলন প্ৰাথমিক বিদ্যালয়, বেৰাচাপৰি নগাঁও প্ৰাথমিক বিদ্যালয় আৰু মেদেলা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলে শিশুসকলক মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত কৰাৰ অভিযোগ উত্থাপিত হৈছে ।  

মধ্যাহ্ন ভোজনৰ পৰা ল'ৰা-ছোৱালীক বঞ্চিত কৰা সন্দৰ্ভত জৌংচাৰ মিলন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকজনে আগবঢ়াই আচৰিত যুক্তি (Students deprived from Mid Day Meal)। যিদিনা ল'ৰা-ছোৱালীক মধ্যাহ্ন ভোজন দিয়া নহয় সেইদিনাৰ চাউল হেনো বিদ্যালয়ৰ ওচৰতে থকা শুকুৰবৰীয়া সাপ্তাহিক বজাৰত বিক্ৰী কৰি মাছে,মাংসহে খুৱায় । একেই যুক্তিতে তাল মিলাই বেৰাচাপৰি নগাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী গৰাকীয়ে কয় যে, বিদ্যালয়ৰ কাষতে থকা এঘৰত দহা অনুষ্ঠিত হোৱা হেতুকে মধ্যাহ্ন ভোজন দিয়া নাই ।  

ইপিনে, মেদেলা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ যুক্তি সুকীয়া । বিভাগীয় কৰ্তৃপক্ষই চাউল যোগান ধৰা নাই কাৰণে মধ্যাহ্ন ভোজন দিয়া হোৱা নাই বুলি তেওঁ কয় ।  এতিয়া এই সকল শিক্ষকসকলৰ ওপৰত চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই কি ভুমিকা লয় সেয়া হ'ব লক্ষ্যণীয় ।

লগতে পঢ়ক:Mob lynching in Tinsukia: মাকুমত প্ৰাঞ্জল মৰাণৰ হত্যাকাণ্ডৰ প্ৰতিবাদত ৰাজপথ অৱৰোধ

Last Updated : Apr 28, 2023, 9:33 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.