thumbnail

Street play in Guwahati: বাটৰ নাটৰ জৰিয়তে দুৰ্নীতিৰ বিৰুদ্ধে সজাগ কৰাৰ প্ৰয়াস

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 7:49 PM IST

গুৱাহাটী,৩ নৱেম্বৰ: সতৰ্কতা সজাগতা সপ্তাহ উপলক্ষে Oil India limited ৰ উদ্যোগত অনুভৱ, the actor's guild এ পৰিৱেশন কৰে এখনি বাটৰ নাট । এই বাটৰ নাটৰ দ্বাৰা দুনীৰ্তি নিৰ্মূল কৰি সকলোকে ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত হোৱাৰ আহ্বান জনায় । লগতে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে এজন সাধাৰণ লোকে কেনেদৰে অভিযোগ দাখিল কৰিব পাৰিব তাৰ বিষয়ে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰে ।  

শুকুৰবাৰে কটন বিশ্ববিদ্যালয়ৰ সন্মুখত এই বাটৰ নাট প্ৰদৰ্শন কৰি সমূহ ৰাইজক তথা বিষয়াসকলক দুৰ্নীতিৰ পৰা আঁতৰি থাকি এখন সুন্দৰ ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে সহায়-সহযোগিতা কৰাৰ বাবে অনুৰোধ জনায় । উল্লেখ্য যে, কেন্দ্ৰীয় সতৰ্কতা আয়োগৰ নিৰ্দেশ মৰ্মে Oil India limited য়ে ৩০ অক্টোবৰ পৰা ৫ নৱেম্বৰলৈ সতৰ্কতা সজাগতা সপ্তাহৰ আয়োজন কৰি আহিছে । তাৰ লগত সংগতি ৰাখি শুকুৰবাৰে বাটৰ নাট প্ৰদৰ্শন কৰা হয় ।

লগতে পঢ়ক: UK civil service: ইংলেণ্ডৰ পৰিবহণ মন্ত্ৰণালয়ত নিযুক্তি লাভ অসমৰ প্ৰিয়মৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.