Street play in Lakhimpur: হঠাৎ লখিমপুৰত যমৰাজ আৰ্বিভাৱ হৈ চলালে তাণ্ডৱ - Street plays to prevent accidents in Lakhimpur

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 3:56 PM IST

লখিমপুৰ,১৩ ছেপ্টেম্বৰ: লখিমপুৰৰ নকাৰী ৰেলৱে ক্ৰচিঙত যম দেৱতাৰ তাণ্ডৱ নৃত্য । বিকট অট্ৰহাস্য কৰি যমৰাজে চলালে তাণ্ডৱ । বুধবাৰে পুৱাৰ ভাগত প্ৰায় ১১ মান বজাত ৰে'ল অহাৰ সময়ত ক্ৰছিংটো বন্ধ হোৱাৰ লগে লগে ৰে'ল লাইনৰ মাজত হঠাৎ হাতত গদা লৈ আবিৰ্ভাৱ হয় যমৰজা । হাতৰ গদা ঘুৰাই অট্টহাস্য কৰি ৰে'ল লাইনত তাণ্ডব নৃত্য কৰিবলৈ ধৰে যমৰজাই ।  

ঘটনাৰ আকস্মিকতাত উপস্থিত সকলো হতভম্ব হৈ পৰে । যমৰ তাণ্ডৱ দেখি সকলো হতচকিত হোৱাৰ সময়তে আহিল ৰে'লৱে আৰক্ষী । তেতিয়াহে ওলাল উৰহী গছৰ ওৰ । যমৰজা আচলতে এজন ৰে'লৱে আৰক্ষীৰ জোৱান । ৰে'ল দুৰ্ঘটনা ৰোধ কৰিবলৈ ৰে'ল আৰক্ষীয়ে লোৱা এয়া এক সজাগতামূলক বাটৰ নাটৰ দৃশ্যাংশ আছিল । ৰে'লৱে বিভাগৰ নীতি-নিৰ্দেশনা উলংঘা কৰাৰ বাবে প্ৰতিদিনে ৰেলৰ খুন্দাত হোৱা মৃত্যুৰ ঘটনা বৃদ্ধি পাইছে ।  

এনে দুৰ্ঘটনা ৰোধ কৰাৰ উদ্দেশ্যে ৰে'লৱে আৰক্ষীয়ে ব্যতিক্রমীভাৱে এনে জন সজাগতাৰ কাৰ্যসূচী গ্ৰহণ কৰে । ৰে'লৱে নিয়ম নীতি, নিৰ্দেশনা উলংঘা কৰি মানুহে যমক নিজেই নিমন্ত্রণ কৰা বুলি যমে অট্টহাস্য কৰি ৰাইজক সজাগ সচেতন কৰাৰ লগতে ৰে'লৱে আৰক্ষীৰ লখিমপুৰৰ ভাৰপ্ৰাপ্ত বিষয়া ৰবি কুমাৰেও ৰাইজক অপমৃত্যুক মাতি নানিবলৈ আহ্বান জনায় ।  

লগতে পঢ়ক: Student kidnapped at Amguri : শ্ৰেণীকোঠাৰ পৰা তৃতীয় শ্ৰেণীৰ ছাত্ৰক অপহৰণ দুৰ্বৃত্তৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.